হোটেলৰ দুৱাৰ ভাঙি প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জোৱাঁয়েকক গ্ৰেপ্তাৰ…

হোটেলৰ দুৱাৰ ভাঙি প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জোৱাঁয়েকক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ জোৱাঁয়েক ছফদৰ আৱানক দেওবাৰে নিশা কাৰাছী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই কথা টুইটাৰযোগে সদৰি কৰিলে শ্বৰীফৰ জীয়াৰী মৰিয়ম নৱাজে।

টুইটাৰযোগে মৰিয়মে এই গ্ৰেপ্তাৰ অসাংবিধানিক বুলি আখ্যা দি তেওঁ কয়., চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই ছফদৰ আৱানক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে টুইটটোত উল্লেখ কৰে যে, আমি একেলগে একেখন হোটেলতে নিশা আছিলো আৰু আৰক্ষীয়ে আমাৰ ৰূমৰ দুৱাৰ ভাঙি মোৰ স্বামীক গ্ৰেপ্তাৰ কৰি লৈ গৈছে। উল্লেখ্য যে, যোৱা ১৮ অক্টোবৰত নৱাজ শ্বৰীফৰ জীয়াৰী মৰিয়মে কাৰাছীৰ চৰকাৰৰ বিৰুদ্ধে উলিয়াইছিল এটা বিশাল ৰেলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in