বটদ্ৰৱাত ৰাইজৰ প্ৰচেষ্টাত কৰায়ত্ত দুটা গৰু চোৰ…

বটদ্ৰৱাত ৰাইজৰ প্ৰচেষ্টাত কৰায়ত্ত  দুটা গৰু চোৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃনগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত সৰুহিছা, বৰহিছা, ভেটিয়নী, ভোমোৰাগুৰি, বৰভেটি আদি গাঁৱত গৰু চোৰে তাণ্ডৱ চলাই অভিযোগ উত্থাপন হৈ আহিছে । হাজাৰৰো অধিক চুৰিকাণ্ডৰ বাতৰি পৰিবেশন হৈ থকাৰ সময়তে দেওবাৰে নিশা বটদ্ৰৱাৰ ৰাইজে দুটাকৈ গৰু চোৰ আটক কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী মতে যোৱা নিশা প্ৰায় তিনি বজাত, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ আনচাৰুল হক নামৰ ব্যক্তিজনৰ গোহালিৰ বেৰ ভাঙি এটা ডমৰা গৰু চুৰি কৰিবলৈ লওঁতেই গৃহস্থই ওচৰ চুবুৰীয়াৰ সহযোগত চোৰ দুটা ধৰিবলৈ সক্ষম হয়। ধৃত চোৰ দুটাৰ নাম ৰফিকুল ইছলাম আৰু আনাৰুল ইছলাম।

নিশাই স্থানীয় ৰাইজে বটদ্ৰৱা আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে চোৰ দুটাক থানলৈ লৈ আহি এক গোচৰ পঞ্জীয়ন কৰি সোধ পোছ অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in