মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ অস্ত্ৰ, সেনাৰ পোছাকসহ গ্ৰেপ্তাৰ ৩জনক…

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ অস্ত্ৰ, সেনাৰ পোছাকসহ গ্ৰেপ্তাৰ ৩জনক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ টিক্ৰীকিল্লা থানা এলেকাৰ গাপতলীত বুধবাৰে তিনিটা ডকাইতক বৃহৎ পৰিমানৰ অস্ত্ৰ সহ টিক্ৰীকিল্লা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, যোৱা পৰহি দিনা সন্ধিয়াৰ ভাগত ডকাইতৰ দল এটাই অসম-মেঘালয় সীমান্তৱৰ্তী গাপতলীত গাঁৱত ডকাইতৰ দলটো ঘুৰা-ফুৰা কৰি থকা অৱস্থাত স্থানীয় বেচৰকাৰী সেচ্চা সেবী সন্থা এটাই প্ৰত্যক্ষ কৰে।

কেবাজনো যুৱকক এইদৰে দেখা পোৱাৰ পাছত লগে লগে টিক্ৰীকিল্লা আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুজন যুৱকক আটক কৰাৰ বিপৰীতে বাকী লোক কেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ধৃত যুৱক দুজন ধুবুৰী জিলাৰ চতলাৰপাৰ গাঁৱৰ আখিৰুল ইছলাম আৰু শালবাৰী গাঁৱৰ মাজিদুল হুছেইন । ইফালে, যুৱক দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই মাৰাথন জেৰা চলাই যোৱা নিশা ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ মলাকান্দী গাঁৱৰ নুৰ জামাল নামৰ আৰু এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

ইফালে, আৰক্ষীয়ে উক্ত যুৱক তিনি জনক জেৰা চলোৱাৰ পাছত তেঁওলোক অঞ্চলটোৰ বিভিন্ন লোকৰ ঘৰত হোৱা ডকাইতি, অপহৰণ কাণ্ডৰ লগত জড়িত বুলি আৰক্ষীয়ে নিশ্চিত হয়। তেওঁলোকৰ স্বীকাৰোক্তিৰ বিত্তীত গাপতলী গাঁৱৰে এখন মৰা বিলৰ মেটেকাৰ তলৰ পৰা এটা বৃহত মোনা উদ্ধাৰ কৰে। উক্ত মোনাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমানৰ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰে। একেদৰে মোনা খনৰ পৰাই সেনাৰ পোচাকো উদ্ধাৰ কৰা হয়।

বুধবাৰে পুৱাৰ ভাগতে গ্ৰেপ্তাৰ কৰা তিনিও জনক তুৰা আদালতলৈ প্ৰেৰণ কৰাত তিনিও জনক আদালতে টিক্ৰীকিলা আৰক্ষীৰ জিম্বাদ দিয়া বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। মন কৰিবলগীয়া বিষয় যে, অসমৰ বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা গুৱাহাটীকে ধৰি দেশৰ যিকোনো স্থানত যাতায়ত কৰিবলৈ হ'লে মেঘায়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ, ফুলবাৰী, টিক্ৰীকিল্লা আৰক্ষী থানা এলেকাৰ মাজেৰে যাতায়ত কৰিবলগীয়া হয়। এই ক্ষেত্ৰত টিক্ৰিকিল্লা এলেকাৰ গাপতলী পাহাৰীয়া এলেকা হোৱাৰ সুযোগ লৈ এটা চক্ৰই দীৰ্ঘ সময়তৰ পৰা উক্ত স্থানত বিশেষকৈ অসমৰ নাগৰিকক অপহৰণ কৰাৰ লগতে অসমলৈ চলাচল কৰা নৈশ বাছকে ধৰি বিভিন্ন যাত্ৰীবাহী বাহনত ডকাইতি কৰি আহিছে। শেহতীয়াকৈ সুখচৰ থানা এলেকাৰ চৰকাশাৰীপাৰা গাওঁৰ দুগৰাকী গাড়ীৰ গৰাকীক অপহৰণ কৰি প্ৰায় তিনি লাখ টকাৰ বিনিময়ত মুকলি কৰি দিয়া হৈছিল। তাৰ পাছতেই মেঘালয় আৰক্ষীয়ে উক্ত এলেকাটোত অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in