মহানগৰীত ড্ৰাগছ মাফিয়াৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত…

মহানগৰীত ড্ৰাগছ মাফিয়াৰ ৰমৰমীয়া বেহা, আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে । যোৱা দুদিন ধৰি আৰক্ষীয়ে চলোৱা অভিযানত বিশাল পৰিমানৰ ধন আৰু ড্ৰাগছ উদ্ধাৰ হৈছে। মঙলবাৰৰ পাছত বুধবাৰে মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ লোকে অভিযান চলাই ২,৫৮,০০০ নগদ ধনৰ লগতে ২৩ গ্ৰাম ব্ৰাউন ছুগাৰ, দুখন স্কুটী আৰু কিছু পৰিমানৰ সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰে।

মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে, মঙলবাৰে চলাপৰাত গ্ৰেপ্তাৰ কৰা এল সংগীতা ৰাণী নামৰ মহিলাগৰাকীৰ স্বীকাৰুক্তিৰ ভিত্তিত আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ লোকে এই অভিযান চলাইছিল।

ভৰলুৰ ৬ নং গেটৰ পৰা এই অভিযানৰ সময়ত আব্দুল হক, জয়নাম খাটুন নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলে। উল্লেখ্য যে, ৩৫ বছৰীয়া আব্দুল হকৰ ঘৰ বিলাসীপাৰাত। আনহাতে এই অভিযানত গ্ৰেপ্তাৰ কৰা জয়নাম খাটুন কুৰান আলী নামৰ লোকজনৰ পত্নী।

এই অভিযানত দুখন স্কুটী আৰু মইনা বেগমৰ নামত থকা এখন পাছপৰ্টো উদ্ধাৰ কৰা হৈছে। সংগীতা ৰাণী নামৰ মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছ সৰবৰাহকাৰীৰসৈতে জড়িত হৈ আছিল। ইয়াৰ পূৰ্বে তেওঁক কেইবাবাৰো আৰক্ষীয়ে ড্ৰাগছৰ সৰবৰাহৰ গোচৰত আটক কৰিছিল।

পল্টন বজাৰত এই সন্দৰ্ভত ৫০১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে। এন ডি পি এছ এক্টৰ ২৭ (এ)/২৯ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। মঙলবাৰে আৰক্ষীয়ে চলোৱা অভিযানত সংগীতা ৰাণীৰ ঘৰৰ পৰা ৭৩,৭০,২০০ টকা উদ্ধাৰ কৰিছিল।

এই অভিযানত আৰক্ষীয়ে চলাপৰাৰ কালাছানী এপাৰ্টমেন্টৰ পৰা বিশাল ধনৰ লগতে মহিলাগৰাকীসহ দুজন লোকক আটক কৰিছিল। গুৱাহাটী মহানগৰীৰ নুনমাটি, গীতানগৰ, মালিগাঁও আদি অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলি আছে।

লকডাউনৰ সময়চোৱাত আৰক্ষী ব্যস্ত থকা সুযোগ লৈ ড্ৰাগছ মাফিয়া সকলে বিনা বাধাই এই বেপাৰ চলাইছে। মঙলবাৰে আৰক্ষীৰ বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত চলাপৰাত চলোৱা অভিযানৰ পাছত এতিয়া মহানগৰীত কি দৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা গঢ় লৈ উঠিছে সেয়া প্ৰমাণিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in