সাৱধান! ফেচবুকত কাৰোবাৰ লগত কথা পতাৰ আগতে এশ বাৰ ভাবক…

সাৱধান! ফেচবুকত কাৰোবাৰ লগত কথা পতাৰ আগতে এশ বাৰ ভাবক…

ডিজিটেল ডেস্কঃ তামিলনাডুৰ পোলাছি গণধৰ্ষণৰ ঘটনাই এতিয়া নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে। ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই চিবিআইয়ে ৪ জন লোকক আটক কৰিছে। ইফালে আটকাধীন লোককেইজনৰ দুটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে পোহৰলৈ আহিছে তামিলনাডুৰ কয়ম্বতুৰৰ পৰা ৪৫ কিলোমিটাৰ নিলগত অৱস্থিত পোলাছীত দীৰ্ঘদিনে চলি অহা যৌন উৎপীড়নৰ ঘটনা।

নিৰ্যাতনৰ বলি হোৱা কোনো আত্মীয়ই শ্বুট কৰা অভিযুক্তৰ ভিডিঅ'ত দুজন যুৱকে অকপটে যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰিছে। ইতিমধ্যে ৫০ গৰাকীতকৈও অধিক মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলোৱা অভিযুক্তৰ গেংটোৱে মহিলাক বিভিন্ন ধৰণে প্ৰলোভন দি নিৰ্যাতন চলাই আহিছে। উল্লেখ্য যে, এই অভিযুক্ত কেইজনে মহিলা, যুৱতীৰ ওপৰত নিৰ্যাতন চলাই তাৰ ভিডিঅ' বনাই ব্লেক মেইলিঙো কৰি আহিছে।

ফেচবুকৰ জৰিয়তে চিনাকি হয় যুৱতীৰ লগত

অভিযুক্তই ফেচবুকৰ জৰিয়তে যুৱতীৰ লগত চিনাকি হয় প্ৰথমে ঘনিষ্ঠ হৈ লয়। ঘনিষ্ঠ হোৱাৰ পিছত প্ৰেমৰ প্ৰস্তাৱ দি অথৱা অন্য সম্পৰ্কৰ প্ৰস্তাৱ দি লগ কৰিবলৈ মাতে। যেতিয়া যুৱতীগৰাকীয়ে অভিযুক্তক লগ কৰিবলৈ আহে, তেতিয়াই যুৱতীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই তাৰ ভিডিঅ' বনাই পিছত যুৱতীগৰাকীক ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। এনে পৰিপ্ৰেক্ষিততে অভিযুক্তৰ বিৰুদ্ধে কোনো যুৱতীয়ে অভিযোগ দাখিল কৰিবলৈ সাহস নকৰে।

পোলাছী আৰক্ষীয়ে জনোৱা অনুসৰি এই অভিযুক্তৰ দলটোৱে সাধাৰণতে স্থানীয় মহিলা আৰু যুৱতীসকলকে লক্ষ্য কৰি লৈ আহিছে। এই কথা স্বীকাৰ কৰিছে অভিযুক্তয়ো। দুজন অভিযুক্তক কৰায়ত্ব কৰি নিৰ্যাতনৰ বলি হোৱা যুৱতীৰ আত্মীয় আৰু স্থানীয় ৰাইছে পোলাছী আৰক্ষীক চমজাই দিয়াৰ পূৰ্বে নিৰ্মাণ কৰা ভিডিঅ'ত এজন অভিযুক্তই সেয়া স্বীকাৰ কৰে। 'তাই মোক লগ কৰিব আহিছিল। গাড়ীৰ ভিতৰত মই প্ৰথমে তাইক চুমা খাইছিলো। তাই একো কোৱা নাছিল। মই সাহস পাই তাইৰ দেহৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰিছিলো। তাই তেতিয়া নালাগে বুলি কৈছিল যদিও মই সেয়া কৰি গ'লো। মই চুমা খাওতে তাই যেতিয়া বাধা দিয়া নাছিল, বাকীবোৰ কৰোতে কিয় বাধা দিব।' -এগৰাকী নিৰ্যাতিতা যুৱতীৰ সৈতে নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰি এনেদৰে কয় অভিযুক্ত এজনে।

মূল অভিযুক্ত এআইএমডিকেৰ নেতা

ইফালে এই যৌন নিৰ্যাতনৰ কাণ্ডৰ লগত তামিলনাডুৰ শাসকীয় এআইএমডিকেৰ এগৰাকী নেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। চিবিআইয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ৪ অভিযুক্তৰ ভিতৰত থকা এআইএমডিকে নেতা জনৰ নাম হৈছে এ নাগৰাজ। যাৰ বাবে এই ঘটনাৰ তদন্তৰ ফাইল বন্ধ কৰিবলৈ এআইএমডিকেয়ে হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। আনকি অভিযুক্ত এ নাগৰাজে এগৰাকী নিৰ্যাতিতাৰ ককায়েককো আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে, দুদিন পূৰ্বে তামিলনাডুৰ এটা স্থানীয় সংবাদ পৰ্টেলত এগৰাকী যুৱতীৰ এটা ভিডিঅ' প্ৰকাশ পাইছিল। মুখমণ্ডল ব্লাৰ কৰা যুৱতীগৰাকীৰ ভিডিঅ' শ্বুট কৰিছিল নিৰ্যাতনকাৰীয়ে। ভিডিঅ'টোত যুৱতীগৰাকীয়ে কান্দি কান্দি তেওঁৰ লগত তেনে নকৰিবলৈ অনুৰোধ কৰা দেখা গৈছিল। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু চিবিআইয়ে অভিযুক্ত ৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in