ঠেলামৰাত কবি সন্মিলন সম্পন্ন

ঠেলামৰাত কবি সন্মিলন সম্পন্ন

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ সদৌ অসম কবি সন্মিলনৰ এটি অন্যতম শাখা শোণিতপুৰ জিলাৰ ঠেলামৰাৰ অৰুণোদয় কবি সন্মিলনে ১১ আগষ্টত ঠেলামৰা বাপুজি ভৱনত এখন কবি সন্মিলন অনুষ্ঠিত কৰে৷  শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক মৃদুল চহৰীয়াৰ সঞ্চালনাত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত কবি সন্মিলনখনত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় দুকুৰি কবিয়ে কবিতা পাঠ কৰে৷

সাহিত্য সংস্কৃতিৰ গৱেষক, বিশিষ্ট লেখক ড° বৈজয়ন্ত কেওঁট, ঢেকীয়াজুলিৰ লোকনায়ক অমিয়কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° অৰিন্দম ডেকাই এই অনুষ্ঠানত সমীক্ষক হিচাপে অংশগ্ৰহণ কৰি কবি সকলৰ পঠিত কবিতাৰ ওপৰত আলোকপাত কৰে৷

এই সভাতেই অৰুণোদয় কবি সন্মিলনৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে কবি দুষ্মন্ত শৰ্মাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা কাব্য পত্ৰিকা 'ৰেঙনি' উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডিমচাঁদ বৰদলৈয়ে৷

অৰুণোদয় কবি সন্মিলনৰ সম্পাদক ধনেশ্বৰ নাথে আঁত ধৰা কবিতাৰ সভাখনিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা বিশিষ্ট কবি বিপুল কুমাৰ নাথ, জিলা সাহিত্য সভাৰ উপসভাপতি ৰমেন গোস্বামী, বিশিষ্ট কবি মহেন্দ্ৰ কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ কিৰণ চন্দ্ৰ বৰা, দুলাল নাথ, ৰবীন নাথ, খগেন কোচ প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in