শেহতীয়া খবৰ
বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

অসমৰ কোন সাংসদলৈ আহিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন…

2,103

ডিজিটেল ডেস্কঃ আজি দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। মোডী মন্ত্ৰীসভাত কোনে কোনো স্থান পাব তাক লৈ অব্যাহত আছে জল্পনা–কল্পনা। বুধবাৰে প্ৰায় ৫ ঘণ্টাজোৰা বৈঠকৰ পাছত আজি পুৱাও এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।এই বৈঠকতে মন্ত্ৰীসভাক লৈ আলোচনা হৈছিল বুলি এক সুত্ৰৰ পৰা খৰব পোৱা গৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা ফোন যাবলৈ আৰম্ভ কৰিছিল মোডী মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা থকা কেইজনমান সাংসদসকললৈ।

সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই ফোনকল আহ্ছিল অসমৰ ৰামেশ্বৰ তেলীলৈও। ফোনযোগে তেলীক সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হবলগীয়া মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোৱা হৈছে। ডিব্ৰুগড়ৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তেলীক আজি বিয়লি ৪.৩০ বজাত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈও কোৱা হৈছে। আনহাতে, মোডী মন্ত্ৰীসভাত স্থান পাবলগীয়া সম্ভাৱ্য তালিকাত অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজুৰ নামো আছে বুলি খবৰ পোৱা গৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি