শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

চিলনী চোৰৰ দপদপনি! প্রধানমন্ত্ৰী মোডীৰ ভতিজীৰ বেগেই ঠপিয়াই লৈ গ’ল ২ দুৰ্বৃত্তই…

621

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হ’ল লুণ্ঠনৰ ঘটনা। কিন্তু এই লুটপাতৰ ভুক্তভোগীগৰাকী কোনো সাধাৰণ ব্যক্তি নহয়। তেওঁ হৈছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভতিজী। দৰাচলতে দিল্লীৰ ভি ভি আই পি এলেকাৰ চিভিল লাইন্সত সংঘটিত হয় এই ঘটনা।

দুই দুৰ্বৃত্তই এখন স্কুটীত আহি প্ৰধানমন্ত্ৰী মোডীৰ ভতিজী দময়ন্তী মোডীৰ হাতৰ পৰা বেগটো কাঢ়ি লৈ যায়। য’ত আছিল ধনৰ লগতে তেওঁৰ প্ৰয়োজন নথিপত্ৰসমূহো। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰশ্ন উঠিছে সাধাৰণ লোকৰ নিৰাপত্তাক লৈ।

opbfm778

ভুক্তভোগী দময়ন্তী মোডী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাতৃ প্ৰহ্লাদ ভাই মোডীৰ কন্যা। ইতিমধ্যে ঘটনা সন্দৰ্ভত দময়ন্তী মোডীয়ে ৰুজু কৰিছে এক গোচৰ। উল্লেখ্য যে, শনিবাৰে পুৱা অমৃতসৰৰ পৰা দিল্লীলৈ উভতিছিল তেওঁ। আৰু তেওঁৰ ৰূম বুক কৰা হৈছিল চিভিল লাইন এলেকাৰ গুজৰাটী সমাজ ভৱনত। আৰু গুজৰাটী সমাজ ভৱনৰ গেটত অ’টোৰ পৰা নমাৰ পাছতেই দুৰ্বৃত্তই ঠপিয়াই লৈ গ’ল তেওঁৰ বেগটো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি