প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত বিসংগতিঃ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ তদন্ত সমিতি ভংগ কৰি গঠন কৰিলে নিজা তদন্ত কমিটী…

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত বিসংগতিঃ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ তদন্ত সমিতি ভংগ কৰি গঠন কৰিলে নিজা তদন্ত কমিটী…

ডিজিটেল ডেস্কঃ পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা সম্পৰ্কীয় ত্ৰুটিৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে এক তদন্ত সমিতি গঠন কৰিছে। অৱসৰপ্ৰাপ্ত ন্য়ায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত গঠিত এই তদন্ত সমিতিত আছে আই জি, চণ্ডিগড়ৰ ডি জি পি, পঞ্জাৱৰ নিৰাপত্তাৰ এ ডি জি পি আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল, এন আই এৰ প্ৰতিনিধি।

উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া এই তদন্ত সমিতিয়ে প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণ সম্পৰ্কীয় ৰেকৰ্ড সংগ্ৰহ কৰি দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত বিফলহোৱাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে তদন্ত আৰম্ভ কৰিছিল।

পঞ্জাৱ চৰকাৰেও ৰাজ্যৰ গৃহ সচিব অনুৰাগ বাৰ্মাৰ সৈতে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মেহতাব সিং গিলৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰিছিল। কেন্দ্ৰীয় চৰকাৰেও নিৰাপত্তা সচিবৰ নেতৃত্বত চোৰাংচোৱা ব্যুৰো আৰু এছ পি জি বিষয়াসকলৰ সৈতে এক তদন্ত সমিতি গঠন কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে পঞ্জাৱ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা তদন্ত সমিতি বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ইয়াৰ পিছতেই উচ্চতম ন্যায়ালয়ে নিজাকৈ তদন্ত কমিটী গঠন কৰিছে। ইফালে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় নিৰাপত্তা সংস্থা আৰু পঞ্জাৱ আৰক্ষী প্ৰশ্নৰ সন্মুখীন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in