কেইজন সদস্য আছে পাহৰি যাওঁক, বিৰোধীৰ প্ৰতিটো কথাই গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী

কেইজন সদস্য আছে পাহৰি যাওঁক, বিৰোধীৰ প্ৰতিটো কথাই গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ 'বিৰোধীৰ প্ৰতিটো মন্তব্যই গুৰুত্বপূৰ্ণ। বিৰোধিয়ে নিজৰ দলৰ কেইজন সদস্য আছে সেই কথাত গুৰুত্ব দিব নালাগে। মই আশা কৰো সক্ৰিয়ভাৱে সকলোয়ে সদনত মত প্ৰকাশ কৰিব।' সোমবাৰৰ পৰা আৰম্ভ হোৱা ১৭ সংখ্যক লোকসভাৰ অধিবেশনৰ বাবে সাংসদ ভৱনত উপস্থিত হৈয়ে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে আন সাংসদসকলে সোমবাৰে শপত লোৱাৰ পিছতে আৰম্ভ হৈছে লোকসভাৰ ১৭ সংখ্যক অধিবেশন। মোডীয়ে লগতে কয় যে, 'আমি যেতিয়া সংসদলৈ আহো সপক্ষ-বিপক্ষ সকলো পাহৰি যাওঁ। নিৰপেক্ষ হৈ আমি সকলো কথা মনত পেলাব লাগে। দেশৰ বাবে উন্নতিৰ কথা চিন্তা কৰি আমি সকলো কাম কৰিব লাগে।'

সদনত প্ৰথমদিনা উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'দেশখনক উন্নত কৰাৰ বাবে মই প্ৰতিদিনে চেষ্টা কৰিম। মই অনাগত ৫ বছৰত সদনৰ গৰিমা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিম।'

জনসাধাৰণৰ সপক্ষে লোৱা সকলো সিদ্ধান্ত তথা কামতে প্ৰতিটো দলৰে সমৰ্থন বিচাৰি লগতে তেওঁ কয়, 'কেইবা দশকৰ পিছত একক সংখ্যা গৰিষ্ঠতাৰে এখন চৰকাৰ গঠন হৈছে। ৰাইজে আমাক দেশক সেৱা আগবঢ়াবৰ বাবে সুযোগ দিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in