নিশা নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতি পুৱাই টাম্পৰ টুইটঃ মোৰ প্ৰিয় বন্ধু…

নিশা নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতি পুৱাই টাম্পৰ টুইটঃ মোৰ প্ৰিয় বন্ধু…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নং ধাৰা প্ৰত্যাহাৰৰ পাচত এই বিষয়ৰ সন্দৰ্ভত যোৱা সোমবাৰে নিশা প্ৰথমবাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড টাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় ৩০ মিনিট ধৰি কথা পাতে তেওলোকে। সন্ত্ৰাসবাদ আৰু সীমা সুৰক্ষাক লৈ টাম্পৰ সৈতে হোৱা এই বাৰ্তালাপত মোডীয়ে পাক প্ৰধানমন্ত্ৰী ইমাৰাণ খানক তীক্ষ্ণ সমালোচনা কৰে। নাম নোলোৱাকৈয়ে তেও কয়- কিছুমান নেতাৰ মন্তব্যই শান্তিত ভাবুকিৰ সৃষ্টি কৰিছে। সীমাত সন্ত্ৰাসবাদক প্ৰতিৰোধ কৰাটো খুবেই জৰুৰী। টাম্পৰ সৈতে মোডীয়ে দুয়োখন দেশৰ দ্বিপক্ষীয় চুক্তিৰ সন্দৰ্ভতো আলোচনা কৰে।

উল্লেখ্য যে, সোমবাৰে মোডীলৈ ফোন কৰাৰ পূৰ্বে টাম্পে যোৱা শুকুৰবাৰে ফোনত কথা পাতিছিল পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে। খানৰ সৈতে হোৱা বাৰ্তালাপত টাম্পে কাশ্মীৰৰ ভাৰতৰ সৈতে দ্বিপক্ষীয় চুক্তিৰ আধাৰত আলোচনাত বহিবলৈ অনুৰোধ কৰিছিল।

সোমবাৰে মোডী-টাম্পৰ টেলিফোনিক বাৰ্তালাপৰ সন্দৰ্ভত শেহতীয়াকৈ আমেৰিকাৰ হোৱাইট হাউছৰ ফালৰ পৰাও ৰাজহুৱা কৰিছে। হাউছৰ প্ৰেছ উপদেষ্টা হেগন গিডলেই জনায় যে- আজি ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে টাম্পৰ টেলিফোনিক বাৰ্তালাপ হয় আৰু ভাৰত-পাকিস্তানৰ মাজত বিভিন্ন বিষয় আলোচনা হয়।

মো়ডীৰ সৈতে বাৰ্তালাপ হোৱাৰ পাছতে মঙলবাৰে পুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ো টুইটাৰত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীক উদ্দ্যেশি এক টুইট কৰে। টুইটৰ জৰিয়তে তেওঁ কয়- মোৰ অতি প্ৰিয় বন্ধু, ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। দ্বিপক্ষীয় চুক্তি আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় কাশ্মীৰ প্ৰসংগত হোৱা মতানৈক্য আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰক। এনে জটিল সন্ধিক্ষণত এয়া আচৰিত যেন লাগিলেও এনে কৰিলে এক মহৎ কাম সম্পন্ন হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in