প্ৰধানমন্ত্ৰী মোডীৰ সৈতে টেলিফোনত কি কথা পাতিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে টেলিফোনত কি কথা পাতিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ হঠাৎ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। হ'ট লাইনযোগে দুয়োগৰাকী ৰাষ্ট্ৰ প্ৰধানে পাতিলে বহু সময় কথা। এই কথোপকথনত স্বাভাৱিকতে স্থান পালে জম্মু-কাশ্মীৰক লৈ সৃষ্টি হোৱা পৰিস্থিতি আৰু পাকিস্তানৰ প্ৰসংগ।

প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত-আমেৰিকাৰ মাজৰ দ্বিপাক্ষীক বিষয় আৰু দক্ষিণ পূব এছিয়াৰ সন্দৰ্ভত কিছু কথা ডনাল্ড ট্ৰাম্পৰ সৈতে পাতিছিল বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক সূত্ৰই সদৰী কিছে। এই বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পক জনাই যে, কিছু ৰাষ্ট্ৰ নেতাই ভাৰত বিৰোধী স্থিতিৰে লোৱা ভূমিকাই অঞ্চলটোৰ শান্তি-সম্প্ৰীতিৰ পৰিৱেশ বিনষ্ট কৰিছে।

পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰসংগই এইদৰে মাৰ্কিন ৰাষ্ট্ৰপতিজনৰ সন্মুখত উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। ইফালে, ভাৰতত থকা ২৭ গৰাকী পাক নাগৰিকক তেওঁলোকৰ ভাৰত ভ্ৰমণৰ পাৰপত্ৰ ম্যাদ অন্ত পৰাত সোমবাৰে পাকিস্তানলৈ উভতিব খুজিছিল যদিও, পাকিস্তানে সীমান্তৰ দুৱাৰ খুলি নিদিয়াত ২৭জনকৈ পাকিস্তানৰ নাগৰিকে স্বদেশলৈ উভতি যাব নোৱাৰিলে।

পুঞ্চৰ উপায়ুক্ত ৰাহুল যাদৱে কয়- এই ২৭ জন পাক অধ্যূষিত কাশ্মীৰ নাগৰিকক ভাৰত ভ্ৰমণৰ বাবে থকা বৈধ অনুমতিৰ ম্যাদ অন্ত পৰাৰ পাছত তেওঁলোক স্বদেশলৈ যাব বিচাৰিছিল। কিন্তু পাকিস্তান কৰ্তৃপক্ষই এই নাগৰিকসকলক কঢ়িয়াই লৈ যোৱা বাছ তেওঁলোকৰ সীমান্তই দি প্ৰৱেশৰ বাবে অনুমতি প্ৰদান নকৰিলে। পাক কৰ্তৃপক্ষই সীমান্তৰ পথত থকা গেট খুলি নিদিয়াত বৰ্তমান ভাৰততে থাকিব লগা হৈছে এই ২৭গৰাকী পাক নাগৰিক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in