দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ…

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ…

ডিজিটেল ডেস্কঃ দিল্লীৰ অনাজ মন্দীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি টুইটাৰত লিখে, প্ৰিয়জনক হেৰুওৱা প্ৰত্যেকগৰাকী ব্যক্তিলৈ মই গভী সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ সুস্বাস্থ্য কামনা কৰিলো। প্ৰশাসনে পাৰ্যমানে ঘটনাস্থলীত সকলোৰে সহায়-সহযোগিতা আগবঢ়াই আছে।'

ইফালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও শোক প্ৰকাশ কৰি কয়, দিল্লীৰ অগ্নিকাণ্ডৰ ঘটনা শুনি আমি মৰ্মাহত। সকলো পৰিয়াললৈ মোৰফালৰ পৰা গভীৰ সমবেদনা। স্থানীয় প্ৰশাসনে যথা সম্ভৱ সহায় আগবঢ়াবলৈ সকলো প্ৰকাৰে চেষ্টা চলাইছে। উল্লেখ্য যে, এই বিধ্বংসী অগ্নিকাণ্ডত বৰ্তমানৰ লৈকে নিহত হৈছে ৪৩ জনকৈ লোক আৰু আহত হৈছে ৫০ ৰো অধিক লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in