কাকতি ফৰিঙক লৈ প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ত ক’লেঃ এটা সৰু জীৱই মানৱ জাতিক কিদৰে প্ৰভাৱিত কৰে, সেয়া প্ৰকৃতিয়ে বুজালে…

কাকতি ফৰিঙক লৈ প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ত ক’লেঃ এটা সৰু জীৱই মানৱ জাতিক কিদৰে প্ৰভাৱিত কৰে, সেয়া প্ৰকৃতিয়ে বুজালে…

ডিজিটেল ডেস্কঃ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ দেশবাসীক সাৱধান হৈ থাকিবলৈ আহ্বান জনাই কয়, দুটামাহৰ পিছত দেশত পুনৰ সকলোবোৰ খোল খাব। এনে পৰিস্থিতিত আমি সকলোৱে পূৰ্বতকৈ অধিক সৰ্তক হৈ থাকিব লাগিব।

'চৰকাৰে কোৰোনাৰ সৈতে পূৰ্ণদমে যুঁজ অব্যাহত ৰাখিছে। সকলো দেশবাসীয়ে একলগ হৈ কোৰোনাক প্ৰতিহত কৰাৰ বাবে যি পণ লৈছে সেয়া অতি সময়োপযোগী হিচাপে বিবেচিত হৈছে।' প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ সকলো লোককে দুই গজ ব্যৱধান ৰাখিবলৈ আহ্বান জনায়।

তেওঁ কয়, অতি সাৱধানতা অৱলম্বন কৰি আমি উৰাজাহাজৰ যাত্ৰা পুনৰ আৰম্ভ কৰিছো। লাগে লাগে সকলো উদ্যোগো খোল খাব, দেশৰ অৰ্থব্যৱস্থাৰ এক বৃহৎ অংশ কাৰ্যকৰী হৈছে অনাগত সময়ত। এনে পৰিপ্ৰেক্ষিতত আমি পূৰ্বতকৈ অধিক সৰ্তক হোৱাৰ প্ৰয়োজন আছে। দুটা গজৰ ব্যৱধান, মাস্ক পৰিধান কৰাৰ লগতে নিজক কোৰোনাৰ পৰা বচাই ৰাখিবৰ বাবে সকলোখিনি সৰ্তকতা পালনৰ বাবে আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰলয়ংকাৰী আমফানক লৈ প্ৰধানমন্ত্ৰীয়ে কয়, পশ্চিম বংগ আৰু উৰিষ্যাবাসীয়ে যিদৰে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিলে, সেয়া সচাঁকৈয়ে প্ৰশংসনীয়। মই তেওঁলোকক ন দি কব খোজো, তেওঁলোকৰ সৈতে সমগ্ৰ দেশবাসী থিয় দি আছে আৰু থাকিব।

বিগত দিনত দেশৰ কেইখনমান ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাসক লৈও প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰকৃতিয়ে আমাক বুজাই দিছে যে এটা সৰু জীৱই আমাক কিদৰে প্ৰভাৱ পেলাব পাৰে। সকলো কৃষকক কাকতি ফৰিঙৰ সন্ত্ৰাসৰ পৰা বচাবলৈ চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কথাও ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in