কোৰোনা ভাইৰাছৰ আতংকৰ মাজত মোডীৰ কেবিনেট বৈঠক…

কোৰোনা ভাইৰাছৰ আতংকৰ মাজত মোডীৰ কেবিনেট বৈঠক…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি তাণ্ডৱ চলোৱাৰ লগতে ভাৰতবৰ্ষলৈও তীব্ৰ প্ৰত্যাহ্বানে কঢ়িয়াই আনিছে। কেবিনেট বৈঠক অনুষ্ঠিত কৰি মোডীয়ে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই বৈঠকত ৰাজ্যসমূহত কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিত নজৰ ৰাখিবলৈ কোৱা হৈছে।

কেবিনেটৰ মন্ত্ৰীসকলক নিজৰ ৰাজ্যসমূহৰ প্ৰতিখন জিলাৰ জিলা দণ্ডাধীশ আৰু বিষয়াসকলৰ সৈতে প্ৰতিদিনে বাৰ্তালাপ, গৃহ মন্ত্ৰালয় আৰু স্বাস্থ্য বিভাগৰ নীতি-নিয়ম মানি চলিছে নে নাই সেই সম্পৰ্কে কথা পাতিবলৈ নিৰ্দেশ দিয়ে।

প্রধানমন্ত্ৰী মোডীয়েকেবিনেট বৈঠকত লগতে নিৰ্দেশ দিয়ে যে কোনো অসুবিধাৰ সন্মুখীন হ'লে কেন্দ্ৰৰ সহায়বিচাৰিব পাৰে। ৰাজ্যসমূহত যাতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অভাৱ নহয় তাৰ প্ৰতিও নজৰৰাখিব দিয়া হৈছে। আৰু লগতে বাহিৰৰ পৰা অহা লোকসকলৰ তথ্য যুগুত কৰিবলৈ দিলেনিৰ্দেশ।

মোডীয়ে লগতে কেবিনেট বৈঠকতমন্ত্ৰীসকলক নিজ নিজ ৰাজ্যত কিমান জন লোক কোৰোনা ভাইৰাছত আ্ক্ৰান্ত, কিমানজনককোৱাৰেন্টাইন কৰি ৰখা হৈছে তাৰে বিস্তৃত তথ্য প্ৰধানমন্ত্ৰীক জমা দিবলৈ কয়। লগতেকোৰোনাৰ বিৰুদ্ধে ৰাজ্যসমূহত নতুন কি কি পদক্ষেপ লোৱা হৈছে সেই বিষয়েও মন্ত্ৰীসকলেপ্ৰতিদিনে জনাব লাগিব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ৰাজস্থান আৰু পঞ্জাৱৰ দায়িত্ব অৰ্পণ কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং চৌহানক। আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ অসমৰ দায়িত্ব মন্ত্ৰী ভি কে সিং, উত্তৰপ্ৰদেশৰ দায়িত্ব প্রভাৰ ৰাজনাথ সিং, সঞ্জীৱ বাল্যান, মহেন্দ্ৰনাথ পাণ্ডে আৰু কৃষ্ণপাল গুজ্জৰক দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in