শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ফ্ৰান্সত উপস্থিত প্রধানমন্ত্ৰী মোডী, সোমবাৰে অংশগ্ৰহণ কৰিব জি-৭ সন্মিলনত…

359

ডিজিটেল ডেস্কঃ দেওবাৰে ফ্ৰান্সত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ফ্ৰান্সত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী গৰাকী। সোমবাৰে এই সন্মিলনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প সহ কেইগৰাকীও নেতাক সাক্ষাৎ কৰিব তেওঁ।

জি-৭ সন্মিলনত পৰিৱেশ, জলবায়ু, সন্ত্ৰাসবাদ আৰু ডিজিটেলৰ লগতে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। উল্লেখ্য যে, জি-৭ত অন্তৰ্ভুক্ত আছে ৭খন বিকশিত দেশ। ভাৰত ইয়াৰ সদস্য নহয় যদিও এই সন্মিলনত অংশগ্ৰহণ কৰা বাবে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰী মোডীক। জি-৭ সন্মিলনত অন্তৰ্ভুক্ত দেশসমূহ ক্ৰমে- কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, আমেৰিকা আৰু ব্ৰিটেইন।

পূৰ্বতে জি-৮ সন্মিলন আছিল। আৰু ইয়াত অন্তৰ্ভুক্ত আছিল ৰাছিয়াৰ নাম। যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে বাৰাক ওবামাই দায়িত্ব গ্ৰহণ কৰিছিল, সেই সময়ত ৰাছিয়াৰ নাম বাহিৰ কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ যাত্ৰাৰ প্রথম পৰ্যায়ত ফ্ৰান্সত উপস্থিত হোৱাৰ পাছত এক যৌথ সংবাদমেলত তেওঁক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱেয়ে কয়- ‘আমি জি-৭ৰ ওপৰত আলোচনা কৰিছো। আমি বিচাৰিছিলো ভাৰতো এই সন্মিলনৰ অংশ হওঁক। কিয়নো কিছুমান বিষয়ত আগবাঢ়িব নোৱাৰি ভাৰত অবিহনে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি