ৰাহুল গান্ধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ…

ৰাহুল গান্ধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ…

ডিজিটেল ডেস্কঃ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অন্ধ্ৰপ্ৰদেশত এক ৰেলীত অংশ লৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে। তেওঁ ৰেলীত কয়- 'একাংশ লোকৰ ওপৰত নিৰ্বাচনী ফলাফলৰ প্ৰভাৱ এতিয়া পৰি আছে। আমাৰ বাবে নিৰ্বাচনৰ অধ্যায় সমাপ্ত হৈছে। আৰু ১৩০ কোটি দেশবাসীৰ সেৱাৰ অধ্যায় আৰম্ভ হৈছে।'

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে- 'বিজেপিৰ কৰ্মকৰ্তাসকল কেৱল নিৰ্বাচনৰ সৈতে জড়িত নাথাকে। আমি জনতাৰ সুখ-দুখতো তেওঁলোকৰ সৈতে আছো। যোৱা ৫ বছৰৰ কাৰ্যকালত মই বুজিলো যে দেশবাসীয়ে সত্য আৰু নিষ্ঠাৰ ওপৰত ভৰসা কৰে।'

'নিৰ্বাচনত জয়ীহোৱাতো নিৰ্বাচনৰ সময়তহে কৰিব লাগে। কিন্তু জনতাৰ হৃদয় জয় কৰাতো ৩৬৫দিনে অবিৰতভাৱেকৰি থাকিব লাগে।'- ৰেলী সম্বোধন কৰি এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। লগতেতেওঁ অন্ধ্ৰপ্ৰদেশত চৰকাৰ গঠন কৰাৰ বাবে জগনমোহন ৰেড্ডীক অভিনন্দন জনায়।

উল্লেখ্য যে, এদিন পূৰ্বে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েপ্ৰধানমন্ত্ৰী মোডীক নিৰ্বাচনৰ ফলাফলক লৈ সমালোচনা কৰিছিল। ৰাহুল গান্ধীয়ে কৈছিলযে- 'প্ৰধানমন্ত্ৰী মোডীয়ে মিছা কথা কয়হে লোকসভা নিৰ্বাচনত জয়ী হৈছে।' ৰাহুলগান্ধীয়ে নিজৰ সংসদীয় সমষ্টি ৱাইনাডত এক ৰেলীত অংশ লৈ লগতে কৈছিল যে- 'প্ৰধানমন্ত্ৰীয়েমিছা আৰু হিংসা বিয়পাইহে নিৰ্বাচনত জয়ী হৈছে। কিন্তু আমি ইয়াৰ উত্তৰ প্ৰেম, সত্যআৰু চেনেহেৰে দিম।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in