প্ৰধানমন্ত্ৰী মোডী আৰু চেচেলছৰ ৰাষ্ট্ৰপতিয়ে এক উচ্চ পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠক অংশ গ্ৰহন কৰিব…

প্ৰধানমন্ত্ৰী মোডী আৰু চেচেলছৰ ৰাষ্ট্ৰপতিয়ে এক উচ্চ পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠক অংশ গ্ৰহন কৰিব…

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে চেচেলছৰ ৰাষ্ট্ৰপতি ৱেভেল ৰামকালাৱানৰ সৈতে এক উচ্চ পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰিব । এই বৈঠকতে নতুন দিল্লীৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টি ভংগীৰ অংশ হিচাপে চেচেলছত ভাৰতে সমৰ্থন জনোৱা বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব।

২০২০ চনৰ অক্টোবৰত চেচেলছত হোৱা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ বিজয়ৰ পিছত ক্ষমতালৈ অহা ৰামকালাৱানৰ সৈতে মোডীৰ এইটো প্ৰথম বাৰ্তালাপ হ'ব। ৰাষ্ট্ৰপতি গৰাকীৰ দলটোৱে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল । ৰাষ্ট্ৰপতি ৰামকালাৱান ভাৰতীয় মূলৰ এগৰাকী ব্যক্তি । তেওঁ ২০১৮ চনৰ জানুৱাৰীত পিআইঅ' সাংসদ সন্মিলনৰ অংশ হিচাপে ভাৰত ভ্ৰমণ কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in