পঞ্জাৱৰ পথত কিয় মোডী ৰ’বলগীয়া হ’ল? গৃহমন্ত্ৰীয়ে গঠন কৰিলে উচ্চস্তৰীয় তদন্ত কমিটি….

পঞ্জাৱৰ পথত কিয় মোডী ৰ’বলগীয়া হ’ল? গৃহমন্ত্ৰীয়ে গঠন কৰিলে উচ্চস্তৰীয় তদন্ত কমিটি….

ডিজিটেল ডেস্কঃ পঞ্জাৱ ভ্ৰমণলৈ গৈ আধা বাটৰ পৰাই প্ৰধানমন্ত্ৰী মোডী ঘূৰি আহিবলগীয়া হোৱা ঘটনাই আজিও দেশৰ ৰাজনীতি গৰম কৰি ৰাখিছে। দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ একাংশ কাৰ্যকৰ্তাই প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে আন একাংশই মোডীৰ লগত হোৱা এনে ঘটনাৰ বাবে পঞ্জাৱ চৰকাৰক সমালোচনা কৰিছে।

ইয়াৰ মাজতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় কমিটী গঠন কৰিছে। ৩ জনীয়া এই কমিটীখনত আছে দেশৰ নিৰাপত্তা সচিব সুধীৰ কুমাৰ চাক্সেনা, এছ পি জিৰ আই জি এছ সুৰেশ আৰু আই বিৰ যুটীয়া সঞ্চালক বলবীৰ সিং।

গৃহমন্ত্ৰী অমিত শ্বাহে গঠন কৰি দিয়া এই কমিটীয়ে অতি সোনকালে পঞ্জাৱ কাণ্ডৰ তদন্ত কৰিব আৰু এই তদন্তৰ প্ৰতিবেদন গৃহমন্ত্ৰীৰ ওচৰত দাখিল কৰিব। মোডীৰ লগত সংঘটিত হোৱা এই কাণ্ডৰ প্ৰকৃত দোষী কোন, কোনে কৰ্তব্যত গাফিলতি কৰিছিল বা এনে পৰিস্থিতি কিয় হ'বলৈ পালে সেই বিষয়ে তদন্ত কমিটীয়ে তদন্ত কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in