প্ৰধানমন্ত্ৰীৰ ভাষণ শুনি হাঁহি ৰখাব নোৱাৰিলে কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে…

প্ৰধানমন্ত্ৰীৰ ভাষণ শুনি হাঁহি ৰখাব নোৱাৰিলে কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে…

ডিজিটেল ডেস্কঃ ৭৩ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিকাশৰ বহুকেইটা দিশৰ সন্দৰ্ভত ভাষণ ৰখা প্ৰধানমন্ত্ৰী গৰাকীৰ ভাষণৰ মাজতে কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে ৰখাব নোৱাৰিলে নিজৰ হাঁহি।

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত দেশৰ বিকাশত ৰেল বিভাগৰ অৱদানৰ বিষয়ে উল্লেখ কৰিছিল। বন্দে ভাৰত এক্সপ্ৰেছক বিশেষ প্ৰশংসা কৰিছিল মোডীয়ে। ভাষণৰ প্ৰসংগত মোডীয়ে কয় যে- পূৰ্বতে যেতিয়া কাগজ-কলমত নিৰ্ধাৰণ কৰা হৈছিল যে কোনো স্থানত এটা ৰেল ষ্টেচন স্থাপন কৰা হব। সেই সময়ত ইয়াতে সন্তুষ্ট আছিল জনতা। কিন্তু এতিয়া সময় তেনেকুৱা নহয়। এতিয়া জনতা ষ্টেচনতে সন্তুষ্ট নহয়। ষ্টেচন স্থাপন কৰাৰ পাছত তেওলোকে সোধে ৰেল কেতিয়াৰ পৰা চলিব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ এই অংশ শুনাৰ পাছতে হাঁহি ৰখাব নোৱাৰিলে কেন্দ্ৰীয় ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ কুমাৰৰ সৈতে পীয়ুষ গোৱেলৰ এই মুৰ্হূতৰ ফটো ইতিমধ্যে ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in