উচ্চতম ন্যায়ালয়ৰ ৰায়দানক কোনো লোকৰ জয় বা পৰাজয় হিচাপে ধৰিব নালাগেঃ প্ৰধানমন্ত্ৰী মোডী…

উচ্চতম ন্যায়ালয়ৰ ৰায়দানক কোনো লোকৰ জয় বা পৰাজয় হিচাপে ধৰিব নালাগেঃ প্ৰধানমন্ত্ৰী মোডী…

ডিজিটেল ডেস্কঃ শনিবাৰে অযোধ্যা গোচৰৰ ৰায়দান প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত প্ৰতিক্ৰিয়া ব্যক্তি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক সম্পূৰ্ণ সমৰ্থন জনাই আৰু আইন শৃংখলা যেন উলংঘ নকৰে তাৰ বাবে অনুৰোধ জনাই দেশবাসীক।

তেওঁ টুইটাৰত লিখিছে যে- সৰ্বোচ্চ ন্যায়ালয়ে অযোধ্যা গোচৰৰ ৰায়দান প্ৰদান কৰিলে। এই ৰায়দানক কোনো লোকৰ জয় বা পৰাজয় হিচাপে ধৰিব নালাগে। ৰাম ভক্তি হওঁক বা ৰহীম ভক্তি হওঁক, বৰ্তমানৰ সময় সকলোৰে বাবে ভাৰত ভক্তি জাগ্ৰত কৰাৰ। দেশবাসীক মই অনুৰোধ জনাইছো, আপোনালোকে যেন শান্তি আৰু একতাৰে থাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আন এটা টুইটত লিখিছে- 'উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান বহুকাৰণত গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা বুজিব পাৰি যে কোনো সমস্যা সমাধান কৰাৰ বাবে আইনীপ্ৰক্ৰিয়া পালন কৰাতো কিমান প্ৰয়োজনীয়…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in