ইম্ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ ২,৯৫০ কোটি ব্যয়েৰে মণিপুৰত ৯ টাকৈ নতুন প্ৰকল্পৰ শিলান্যাস…

ইম্ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ ২,৯৫০ কোটি ব্যয়েৰে মণিপুৰত ৯ টাকৈ নতুন প্ৰকল্পৰ শিলান্যাস…

ডিজিটেল সংবাদ বেকাজানঃ"এটা সময় আছিল পূৰ্বৰ চৰকাৰে মণিপুৰক এখন তলাবন্ধ বা অৱৰোধ ৰাজ্যত পৰিণত কৰিছিল । কিন্তু ২০১৪ চনত মই যেতিয়া দিল্লীৰ শাসনলৈ আহিলো, তেতিয়াৰ পৰাই সম্পূৰ্ণ দিল্লী আৰু চৰকাৰক উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাষলৈ ওচৰ চপাই আনিলো । মই নেতা- মন্ত্ৰী আৰু বিষয়াসকলক কৈছিলো আপোনালোক এই অঞ্চললৈ আহক আৰু দীৰ্ঘ সময় কটাওক । এই অঞ্চলৰ বিকাশৰ বাবে প্ৰয়োজনীয় আঁচনি প্ৰস্তুত কৰক। মোৰ মনত আপোনালোকক কিবা দিয়াৰ কোনো উদ্দেশ্য নাছিল । মোৰ মনৰ ভাৱ আছিল মই যিমান পাৰো আপোনালোকৰ সেৱক হৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ সম্পূৰ্ণ সেৱাৰ মনোভাৱেৰে সেৱা কৰা " -এই গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।

মংগলবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ আৰু ত্ৰিপুৰালৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইম্ফলৰ এক বিশাল জনসভাক সম্বোধি কয় -অহা ২১ জানুৱাৰীত মণিপুৰে ৰাজ্য স্থাপনাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সোণালী জয়ন্তী উদযাপন কৰিব। একে সময়তে দেশে স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছে । এনে ক্ষনত এয়া আমাৰ ভাৰতবাসীৰ ডাঙৰ অনুপ্ৰেৰণা কিয়নো দেশৰ মানুহৰ বাবে বিশ্বাস কৰে যে ভাৰতৰ স্বাধীনতা আন্দোলন মণিপুৰৰ এই মৈৰাঙ ভূমিৰ পৰাই আৰম্ভ হৈছিল । য'ত নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে এই ভূমিতে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল ।

মোডীয়ে কয় – পূৰ্বৰ চৰকাৰে লুক ইষ্ট পলিচি গ্ৰহণ কৰি পূবলৈ চাইছিল কিন্তু তেওঁৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে এক্ট ইষ্ট পলিচি গ্ৰহণ কৰিছে হাতে কামে কৰিছে । তেওঁ কয়– প্ৰকৃতিয়ে এই অঞ্চলক বহু সম্পদ আৰু সম্ভাৱনা দিছে । যদি এই প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাক সঠিক ৰূপত কামত লগাব পৰা যায়, তেনেহলে মণিপুৰ আৰু উত্তৰ পূৰ্বাঞ্চল দক্ষিণ পূব এছিয়াৰ বিকাশৰ প্ৰবেশদ্বাৰ হৈ উঠিব । তেওঁ আৰু কয় যে মণিপুৰ এতিয়া নতুন ভাৰত গঢ়াৰ প্ৰবেশদ্বাৰৰ লগতে বিকাশৰ প্ৰমুখ সুঁতি হৈ উঠিছে। মণিপুৰ আৰু উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ ভৱিষ্যতক ৰঙেৰ উজ্বলাই তুলিব। শিলান্যাস আৰু উদ্বোধন কৰা বিকাশৰ প্ৰকল্পৰ এই ভিন ভিন ৰঙৰ মালাই মণিপুৰৰ জনসাধাৰণৰ জীৱনক সহজ কৰি তুলিব । এই বিকাশে মণিপুৰৰ গৌৰৱ আৰু সৌন্দৰ্য বৃদ্ধি কৰিব ।

তেওঁ কয় – আজি মণিপুৰৰ বিকাশ সম্ভৱ হৈছে কেৱল আপোনালোকৰ একোটা একোটা ভোটৰ শক্তিৰ বাবে । ৮০ হাজাৰ প্ৰধানমন্ত্ৰী আবাস , ১৩ লাখ বিনামূলীয়া গেছ সংযোগ, ৪ লাখ ২৫ আস্য়ুমান কাৰ্ড , ১ লাখ ৩০ হাজাৰ বিদ্যুৎ সংযোগ , ৩০ লাখ বিনামূলীয়া ক'ভিড প্ৰতিষেধক আৰু ৬ লাখ পি এম কিষান লাভ কৰাতো সম্ভৱ হৈছে আপোনালোকৰ এটা মাথো ভোটৰ বাবে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ জনতাক সম্বোধি আৰু কয় – মণিপুৰ এনে এখন ৰাজ্য যি দেশক বহু মূল্যবান দুৰ্লভ ৰত্ন দিছে । সেই ৰত্ন হৈছে মণিপুৰৰ যুৱতীসকল যি সমগ্ৰ বিশ্বৰ সন্মুখত দেশক গৌৰাম্বিত কৰিছে । বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত মণিপুৰৰ তৰুণ প্ৰজন্মৰ এই যুৱতীসকলে দেশক অনুপ্ৰেৰণা যোগাইছে । কমনৱেলথ খেলৰ পৰা অলিম্পিকলৈ আৰ্ছাৰী , বক্সিঙ আৰু ভাৰ উত্তোলনত মণিপুৰে এম চি মেৰীকম , মীৰাবাই চানু , কমলা দেৱী আৰু সৰিতা দেৱীৰ দৰে মহান খেলুৱৈ উপহাৰ দিছে । সেয়ে মই কওঁ আপোনালোকৰ হাতত মুকুতা আছে । ভাল গাইড আৰু প্ৰশিক্ষণ পালে তেওঁলোকে অসাধাৰণত্ব দেখুৱাব পাৰিব । ক্ৰীড়া বিকাশৰ বাবে সেয়ে আমি মণিপুৰত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিছো । এই ক্ৰীড়া বিশ্ববিদ্যালয়ে নৱপ্ৰজন্মৰ খেলৰ সৈতে সংযোগ নকৰে বৰঞ্চ ই ক্ৰীড়া জগতত ভাৰতক এক নতুন পৰিচয় দিব । এয়া দেশৰ নতুন উদ্যম আৰু প্ৰেৰণা । যাৰ নেতৃত্বত মণিপুৰে দিছে ।

আজি আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ মন্ত্ৰৰে আগবাঢ়িছে । এতিয়াৰে পৰা পাম অইলৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল বিশেষভাৱে লাভাম্বিত হ'ব । চৰকাৰে উত্তৰ পূবত পাম অইল মিছন প্ৰকল্প আৰম্ভ কৰিছে । দেশে বৰ্তমান বৃহৎ পৰিমাণৰ পাম অইল বিদেশৰ পৰা আমদানি কৰি আহিছে । এই খাদ্য তেলৰ আমদানিত দেশে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে । বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ কৃষকে এই পাম অইলৰ খেতিৰ জৰিয়তে লাভাম্বিত হ'ব । ভাৰত খাদ্য তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিব । ভাৰতে বছৰি ১১ হাজাৰ কোটি টকা পাম অইল বিদেশৰ পৰা আমদানি কৰি আহিছে । খাদ্য তেলৰ চাহিদা পূৰণৰ বাবে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ইতিমধ্যে পাম অইল মিছনৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে কয় -আজি উত্তৰ পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱকে অস্ত্ৰ এৰি উন্নয়নৰ মূলসুঁতিত যোগ দিছে । পূৰ্বৰ চৰকাৰে যি চুক্তি বহু দশকজুৰি অপেক্ষা কৰি আহিছিল সেয়া বৰ্তমান চৰকাৰে বিদ্ৰোহী গোটৰ সৈতে ঐতিহাসিক চুক্তি কৰি মণিপুৰক অৱৰোধ ৰাজ্যৰ পৰা আন্তৰ্জাতিক প্ৰবেশ পথৰ ৰাজ্যলৈ পৰিণত কৰিছে । এয়া সম্ভৱ হৈছে স্থিতৰতা বজাই ৰখা ডাবল ইঞ্জিনৰ চৰকাৰৰ বাবে । পূৰ্বৰ চৰকাৰে বহু সময় নষ্ট কৰিলে কিন্তু আমি সেই সময় নষ্ট হবলৈ নিদিও। মণিপুৰৰ ৰাইজে এতিয়া সেই শান্তি হেৰুৱাব নোখোজে । গতিকে মণিপুৰৰ ৰাইজে এই কথা মনত ৰাখিব লাগিব এতিয়াও ভৱিষ্যতে দীৰ্ঘ পথ অতিক্ৰম কৰিব লাগিব।

ইয়াৰ পিছতে নৰেন্দ্ৰ মোডীয়ে মণিপুৰত ১,৮৫০ কোটি টকাৰ ব্যয়েৰে ১৩ টাকৈ ৰাষ্ট্ৰীয় প্ৰকল্পৰ উদ্বোধন কৰে । তদুপৰি তেওঁ ২,৯৫০ কোটি ব্যয়েৰে মণিপুৰত ৯ টাকৈ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । প্ৰকল্পৰ উদ্বোধনী ভাষণত মোডীয়ে কয় – উত্তৰ পূৰ্বাঞ্চলৰ সম্প্ৰতি দেশৰ উন্নয়ন আৰু বিকাশৰ প্ৰবেশদ্বাৰৰ হৈ উঠিছে । ২০১৪ চনত মই কৈছিলো চৰকাৰৰ আপোনালোকৰ লৈ যাম । কাৰণ নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই মণিপুৰৰ পৰাই স্বাধীনতাৰ পতাকা উৰুৱাইছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰ ভ্ৰমণকালত ১৭০০ কোটি টকা ব্যয়ৰে পাঁচটা ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । তেওঁ ৭৫ কোটি টকাৰ ব্যয়ৰে বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা আইৰণ ব্ৰীজ , ১১০০কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা ২৩৮৭ টা মবাইল টাৱাৰ মণিপুৰৰ ৰাইজলৈ উৎসৰ্গা কৰে । আনহাতে প্ৰধানমন্ত্ৰীয়ে ২৮০ কোটি টকাৰ থৌবাল মাল্টি পাৰপাছ প্ৰজেক্ট , ইম্ফল চহৰৰ ৬৫ কোটি টকীয়া পানী যোগান প্ৰকল্প , ৫১ কোটি টকীয়া তামেঙলঙ খোৱাপানী যোগান প্ৰকল্প , ৩৭কোটি টকীয়া ইম্ফল কিয়ামনেই ২০০খন বিচনাযুক্ত উদ্বোধন কৰে । তদুপৰি মোডীয়ে ইম্ফলত ১৬০ কোটি টকীয়া ষ্টেট অৱ দা আৰ্ট কেন্সাৰ হাস্পাতাল আৰু ১৭০ কোটি টকীয়া ইম্ফল স্মাৰ্ট চিটিৰ তিনিটা প্ৰকল্পৰ উদ্বোধন কৰে ।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে ২০০ কোটি টকাৰ ব্যয়ৰ চেণ্টাৰ ফৰ ইনভেচন আৰু ২৪০ কোটি টকীয়া ইনষ্টিটিউট অৱ পাৰ্ফমিঙ আৰ্টছৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে । আজিৰ এই জনসভাত মণিপুৰৰ উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে আদৰণি ভাষণ প্ৰদান কৰে । সভাত মণিপুৰৰ ৰাজ্যপাল লা গণেশন কেন্দ্ৰীয় পৰিবেশমন্ত্ৰী ভূপেন্দ্ৰ যাদৱ , কেবিনেট সতীৰ্থ উপস্থিত থাকে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ত্ৰিপুৰাত উপস্থিত হয় । আগৰতলাত মোডীয়ে ৩৪০০কোটি টকাৰ ব্যয়ৰে নতুনকৈ নিৰ্মাণ মহাৰজা বীৰ বিক্ৰম বিমানবন্দৰটোৰ টাৰ্মিনেলটো শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে ।

তদুপৰি তেওঁ ৫০০ কোটি টকাৰ ব্যয়ৰে ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু মিছন বিদ্যাজ্যোতি আঁচনি উদ্বোধন কৰি বিবেকানন্দ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশাল জনসভাক সম্বোধন কৰি কয় যে মা ত্ৰিপুৰী আশীৰ্বাদত তিনিটা প্ৰকল্প লাভ কৰিছে। প্ৰকল্পৰ জৰিয়তে ত্ৰিপুৰাৰ জনসাধাৰণৰ লাভাম্বিত হব । তদুপৰি ত্ৰিপুৰাৰ মহাৰজা বীৰ বিক্ৰম বিমানবন্দৰত ত্ৰিপুৰাৰ কলা সংস্কৃতি আৰু ঐতিহ্য দেখা পাব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত এখন বিশেষ বিমানেৰে ইম্ফলত বীৰ টিকেন্দ্ৰজিত বিমানবন্দৰ উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ণ আদৰণি জনায় মুখ্যমন্ত্ৰী এন বীৰেন সিঙ , ৰাজ্যপাল লা গণেশন আৰু উপমুখ্যমন্ত্ৰী ৱাই জয়কুমাৰ সিঙে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in