আফগানিস্তানক কেন্দ্ৰ কৰি ইটালীৰ প্ৰধানমন্ত্ৰীৰে মোডীৰ টেলিফোনিক বাৰ্তালাপ..

আফগানিস্তানক কেন্দ্ৰ কৰি ইটালীৰ প্ৰধানমন্ত্ৰীৰে মোডীৰ টেলিফোনিক বাৰ্তালাপ..

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত টেলিফোনিক বাৰ্তালাপত মিলত হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শুক্ৰবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ' দ্ৰাঘিৰ সৈতে আফগানিস্তানত দেখা দিয়া পৰিস্থিতি সন্দৰ্ভত দুয়ো নেতায়ে আলোচনা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মিলিত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত আফগানিস্তানৰ পৰিস্থিতি আৰু ইয়াৰ ফলত বিশ্বৰ লগতে আফগানিস্তানৰ ওপৰত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে দুয়ো নেতাই আলোচনা কৰে। এই আলোচনাতে কাবুল বিমান বন্দৰত সংঘটিত আত্মঘাতী বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে কাবুলত আৱদ্ধ হৈ থকা লোকসকলক স্থানান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে দুয়োগৰাকী নেতাই।

আনহাতে আফগানিস্তানৰ উন্নয়নৰ ফলত সৃষ্টি হোৱা মানৱীয় আৰু নিৰাপত্তা পুনৰ সংকটৰ মাজলৈ অহাত জি-২০ কে ধৰি আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ সহযোগিতাৰ পোশকতা কৰিছে দুয়ো নেতাই। এই বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়ে এক টুইটো কৰিছে।

টুইটাৰত মোডীয়ে এক টুইট কৰি কয় যে, তেওঁঁ ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ' দ্ৰাঘিৰ সৈতে আলোচনা কৰিছে। এই আলোচনাত আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় প্ৰৰ্যায়ত সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in