আমিৰ, শ্বাহৰুখৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চেলফিঃ ক’ত আৰু কিয়…

আমিৰ, শ্বাহৰুখৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চেলফিঃ ক’ত আৰু কিয়…

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা দিল্লীক লোককল্যাণ মাৰ্গত বলিউদৰ পৰিচালক, প্ৰযোজকৰ লগতে অভিনেতা-অভিনেত্ৰীৰ সৈতে এক আলোচনাত মিলিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গান্ধীজীৰ ১৫০ সংখ্যক জন্মজয়ন্তীৰ উপলক্ষে তেওঁৰ বিচাৰধাৰাক আৰু অধিক প্ৰচাৰ-প্ৰসাৰৰ সন্দৰ্ভত আলোচনা কৰা হয় এই আলোচনাচক্ৰত। এই আলোচনাত মিলিত হল শ্বাহৰুখ খান, আমিৰ খান, ৰাজকুমাৰ হিৰানী, একতা কাপুুৰ, ইম্তিৰাজ আলী, অনুৰাগ বাসু, কংগণা ৰাণাৱট, সোনম কাপুৰৰ লগতে প্ৰায় সংখ্যক শিল্পীক।

এই আলোচনাচক্ৰত উপস্থিত হোৱা সকলোৱে নৰেন্দ্ৰ মোডীৰ এই পদক্ষেপক শলাগ লৈছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ বিচাৰধাৰাক প্ৰসাৰৰ বাবে লোৱা এই পদক্ষেপক সকলোৱে সহযোগিতা আগবঢ়োৱাৰ কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে।

এই আলোচনাচক্ৰৰ পাছতে শনিবাৰে নিশা প্ৰধানমন্ত্ৰীৰ টুইটাৰ একাউন্টৰ পৰা বলিউদৰ শিল্পীলকলৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰি মোডীয়ে লিখে যে- আমাৰ ছবি তথা মনোৰঞ্জন উদ্যোগটো নান ৰঙী আৰু অধিক জীৱন্ত। আন্তৰাষ্ট্ৰীয় স্তৰত ইয়াৰ প্ৰভাৱ অধিক। এই উদ্যোগটোৰ বিভিন্ন কাম-কাজে সমাজখনক একত্ৰিত কৰাত সহায় কৰে।'

উল্লেখ্য যে, অনুষ্ঠানটোত উপস্থিত থকা প্ৰায় সংখ্যক শিল্পীয়েই ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীৰ এই পদক্ষেপক শলাগ লৈ পোষ্ট কৰ দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in