দিল্লীৰ অশোকা হোটেলত প্রধানমন্ত্ৰী মোডীৰ নৈশ ভোজনৰ আয়োজন…

দিল্লীৰ অশোকা হোটেলত প্রধানমন্ত্ৰী মোডীৰ নৈশ ভোজনৰ আয়োজন…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আয়োজন কৰে নৈশ ভোজনৰ। সংসদৰ সকলো সদস্যকে আমন্ত্ৰণ জনোৱা হয় এই নৈশ ভোজনলৈ। প্ৰধানমন্ত্ৰী মোডীয়ে এই নৈশ ভোজন দিল্লীৰ অশোকা হোটেলত আয়োজন কৰে।

উল্লেখ্য যে, এই নৈশ ভোজন অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোডীয়ে নতুন চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে সকলো সংসদৰ সদস্যৰ সৈতে মিলিত হয়। ইফালে, এই অনুষ্ঠানতেই 'এক দেশ, এক নিৰ্বাচন' সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে।

আনহাতে, দিল্লীৰ অশোকা হোটেলতইতিমধ্যে উপস্থিত হৈছেহি সংসদৰ বহুগৰাকী সদস্য। অৱশ্যে এই নৈশ ভোজনত উপস্থিতনাথাকে আৰ জে ডি নেত্ৰী মিছা ভাৰতী। আৰ জে ডি নেত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়- 'মুজাফ্ফৰপুৰতবিগত কিছুদিনত অচিন ৰোগত আক্ৰান্ত হৈ বহু কেইটি কণ কণ শিশুৱে মৃত্যুক সাবটিব লগাহৈছে। সেয়েহে মই প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা এই নৈশ ভোজনলৈ নাযাওঁ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in