৩দিনত বক্স অফিচত কিমান উপাৰ্জন ‘পি এম নৰেন্দ্ৰ মোডী’ৰ…

৩দিনত বক্স অফিচত কিমান উপাৰ্জন ‘পি এম নৰেন্দ্ৰ মোডী’ৰ…

ডিজিটেল ডেস্কঃঅভিনেতা বিবেক অবেৰায়ে অভিনয় কৰা 'পি এম নৰেন্দ্ৰ মোডী' ছবিগৃহত মুক্তি পোৱা তৃতীয় দিনাও ভাল উপাৰ্জন কৰে ছবিখনে। 'পি এম নৰেন্দ্ৰ মোডী' ছবিখনে বক্স অফিচত শুকুৰবাৰে ২.৮৮ কোটি টকা, শনিবাৰে ৩.৭৬ কোটি টকা আৰু দেওবাৰে প্ৰায় ৫.৬৮ কোটি টকা উপাৰ্জন কৰে।

উল্লেখ্য যে, ছবিখনৰ মুক্তিক লৈ বিভিন্ন ৰাজনৈতিক দলে বিৰোধী কৰিছিল। বিৰোধী দলে অভিযোগ উত্থাপন কৰিছিল যে, এই ছবিখনৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোডীৰ প্ৰচাৰ কৰা হৈছে। যি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰে।

তদুপৰি ছবিখন মুক্তি পোৱাৰ দুদিন পূৰ্বে অভিনেতা বিবেক অবেৰায়ক হত্যাৰ ভাবুকিও প্ৰদান কৰা হৈছিল। আৰু তাৰপাছত অবেৰায়ক মুম্বাই আৰক্ষীৰ তৰফৰ পৰা নিৰাপত্তা প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in