জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বাতিলক লৈ বিৰোধীক প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোডীৰ…

জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা বাতিলক লৈ বিৰোধীক প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোডীৰ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জলগাঁৱত এক নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে বিৰোধীপক্ষক প্ৰত্যাহ্বান জনাই আৰু কয় যে, যদি তেওঁলোকৰ সাহস আছে তেন্তে এই নিৰ্বাচন তথাআগন্তুক নিৰ্বাচনত তেওঁলোকে নিজৰ নিৰ্বাচনী ঘোষণাপত্ৰযোগে ঘোষণা কৰক যে, সংবিধানৰ৩৭০ ধাৰা পুনৰ বাহাল ৰাখিব। আৰু ৫ আগষ্টত আমাৰ চৰকাৰে লোৱা সেই সিদ্ধান্ত সলনিকৰিব। অথবা ঘৰিয়ালৰ চকুপানী দেখুওৱা বন্ধ কৰিব।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে যে- যোৱা ৫ বছৰত আমাৰচৰকাৰৰ কাম দেখি বিৰোধী আচৰিত আৰু চিন্তিত হৈ পৰিছে। আৰু আমাৰ বিৰোধীসকলেও মানিলৈছে যে, বিজেপি-শিৱসেনাৰ মিত্ৰজোঁটৰ নেতৃত্ব শক্তিশালী। প্রধানমন্ত্ৰীগৰাকীয়েজম্মু-কাশ্মীৰৰ কথা উল্লেখ কৰি কয় যে দেশবাসীয়ে যি চিন্তা কৰে, তাৰ সম্পূৰ্ণবিপৰীতে চিন্তা কৰা দেখা যায় বিৰোধী পক্ষক। তেওঁলোকৰ চিন্তা-ধাৰা চুবুৰীয়াৰাষ্ট্ৰসমূহৰ লগতে মিলে।

'বৰ্তমান দেশবাসীয়ে দেশৰ ভেটি মজবুদকৰিছে। আৰু আমাৰ কথা সমগ্ৰ বিশ্বই শুনিবলৈ বাধ্য হৈছে। সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰসৈতে থিয় হৈ আছে। আৰু ইয়াৰ আঁৰত আছে ভাৰতৰ ১৩০ কোটি নাগৰিক।'- মহাৰাষ্ট্ৰৰনিৰ্বাচনী সভাত এনেদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in