মই সূৰ্য নমস্কাৰৰ সংখ্যা বৃদ্ধি কৰিমঃ প্ৰধানমন্ত্ৰী মোডী

মই সূৰ্য নমস্কাৰৰ সংখ্যা বৃদ্ধি কৰিমঃ প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে লোকসভাত কংগ্ৰেছ দল আৰু নেতা ৰাহুল গান্ধীক সমালোচনাৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ধন্যবাদ প্ৰস্তাৱ দিয়াৰ সময়ত ৰাহুল গান্ধীয়ে কিবা কবলৈ উঠোতেই তেওঁক প্ৰধানমন্ত্ৰী মোডীয়ে 'টিউবলাইট'ৰ লগত তুলনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'মই যোৱা ৩০-৪০ মিনিট সময় ভাষণ দি আছো। তেওঁৰ ওচৰ (ৰাহুল গান্ধী) কথাখিনি পাওঁতে ইমান সময় লাগিল। বহুত 'টিউবলাইট' এনেকুৱাই।'

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেনেদৰে কোৱাৰ পিছতে ৰাহুল গান্ধীয়ে মোডীয়ে মানুহক প্ৰকৃত কথাৰ পৰা আতৰাই নিয়ে বুলি অভিযোগ কৰে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক ইতিকিং কৰি কয়, 'এওঁ কংগ্ৰেছ আৰু পাকিস্তানৰ কথা কয় কিন্তু নিবনুৱা সমস্যা প্ৰসংগত এটাও শব্দ নকয়।'

বুধবাৰে ৰাহুল গান্ধীয়ে দিল্লীৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী মোডীক কৰা সমালোচনাৰ উত্তৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০ ঘন্টাৰ পিছত দিলে। তেওঁ কয়, 'মই মানি লওঁ যে, কংগ্ৰেছে ৭০ বছৰত কোনো আত্মসন্তুষ্টি লাভ কৰা নাই। কালি এগৰাকী কংগ্ৰেছ নেতা (ৰাহুল গান্ধী)ই কৈছে যে, যুৱকসকলে মোডীক লাখুটিৰে মাৰিব। ৬ মাহৰ পিছত তেওঁ ঘৰৰ পৰা ওলাব নোৱাৰিব। মই সিদ্ধান্ত লৈছো যে, মই মোৰ সূৰ্য নমস্কাৰৰ সংখ্যা বৃদ্ধি কৰিম। যাতে মোৰ পিঠিখন শক্তিশালী হয় আৰু একাধিক লাখুটিৰ কোব সহ্য কৰিব পাৰিম।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in