আমফানঃ ওড়িশ্যালৈ ৫০০ কোটি টকা প্ৰদানৰ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ…

আমফানঃ ওড়িশ্যালৈ ৫০০ কোটি টকা প্ৰদানৰ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ…

ডিজিটেল ডেস্কঃ আমফান ঘূৰ্ণীবতাহে পশ্চিমবংগ আৰু ওড়িশ্যাত বিস্তৰ ক্ষয়ক্ষতি সাধন কৰিছে। শুকুৰবাৰে ওড়িশ্যাত উপস্থিত হৈ ৰাজ্যখনত আমফানৰ প্ৰভাৱান্বিত এলেকাসমূহ পৰ্যবেক্ষণ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ওড়িশ্যাক আমফান ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ৫০০ কোটি টকাৰ সাহায্য প্ৰদানৰ ঘোষণা কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয় পশ্চিমবংগত। আমফান ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনত পৰা প্ৰভাৱ পৰ্যবেক্ষণ কৰে তেওঁ। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগলৈ ১০০০ কোটি টকা প্ৰদানৰ ঘোষণা কৰে। ইফালে আমফানৰ ফলত যিসকল লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক ২ লাখকৈ টকা প্ৰদান কৰা হ'ব। তদুপৰি আহত হোৱা লোকসকলকো ৫০,০০০কৈ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষমা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in