বাংলাদেশৰ শতাব্দী সমাৰোহলৈ বিশেষ অতিথিৰূপে নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বাংলাদেশৰ শতাব্দী সমাৰোহলৈ বিশেষ অতিথিৰূপে নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ স্বাধীন বাংলাদেশৰ প্ৰতিষ্ঠাপক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ১০০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ঢাকাত অনুষ্ঠিত হ'বলগীয়া বাংলাদেশ শতাব্দী সমাৰোহৰ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। স্বাধীন বাংলাদেশ গঠনৰ ক্ষেত্ৰত ভাৰতে পালন কৰা ভূমিকাৰ পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী মোডীক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি জনাইছে ব্ৰিটেইনত থকা বাংলাদেশৰ উচ্চায়ুক্ত চৈয়দা মুন্না তছনীমে।

উল্লেখ্য যে, ১৯২০ চনৰ ১৭ মাৰ্চত জন্ম গ্ৰহণ কৰা শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ পিতৃ হিচাপেও পৰিচিত। তেওঁ আছিল বাংলাদেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। ১৯৭১ চনত দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল মুজিবুৰ ৰহমানে। ১৯৭৫ চনৰ ১৫ আগষ্টত ঢাকাত এইগৰাকী বাংলাদেশী ৰাজনীতিবিদৰ মৃত্যু ঘটে।

বংগবন্ধু খ্যাত শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম দিনটো বাংলাদেশত প্ৰতিবছৰে এক উৎসৱৰ দৰে পালন কৰি অহা হৈছে। চলিত বৰ্ষৰ ১৭ মাৰ্চত এইগৰাকী ৰাজনীতিবিদৰ ১০০ বছৰীয়া জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি বাংলাদেশ চৰকাৰে চৰকাৰীভাৱে আয়োজন কৰিছে বাংলাদেশ শতাব্দী সমাৰোহ। এই সমাৰোহলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে নিমন্ত্ৰিত হৈছে আন কেইবাখনো ৰাষ্ট্ৰৰ নেতাও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in