প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজঃ ১৩৮ কোটি ভাৰতীয়ক ভগালে প্ৰতিজনে পাব ১৪৪৯২.৭৫ টকাকৈ…

প্ৰধানমন্ত্ৰীৰ ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজঃ ১৩৮ কোটি ভাৰতীয়ক ভগালে প্ৰতিজনে পাব ১৪৪৯২.৭৫ টকাকৈ…

ডিজিটেল ডেস্কঃ ভাৰতৰ এতিয়া জনসংখ্যা কিমান? ২০১১চনৰ লোকপিয়ল অনুসৰি, ভাৰতৰ জনসংখ্যা আছিল প্ৰায় ১২১ কোটি । সাধাৰণতে আমি কওঁ ভাৰতৰ জনসংখ্যা ১৩০ কোটি বুলি। কোৰোনা ভাইৰাছৰ বাবে সমগ্ৰ দেশবাসী আজি প্ৰভাৱান্বিত হৈছে।

কোনোবাই যদি কৰ্মসংস্থাপন হেৰুৱাইছে, আন কাৰোবাৰ জীৱন জীৱিকা বন্ধ হৈ পৰিছে। কোৰোনা ভাইৰাছৰ এই পৰিস্থিতিত দেশবাসীক উদ্ধাৰৰ বাবে প্রধানমন্ত্ৰী মোডীয়ে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে।

আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে মোডীয়ে ঘোষণা কৰা এই ২০ লাখ কোটি টকীয়া পেকেজৰ বাবে ধন ক'ৰ পৰা আহিব সেয়া অৱশ্যে আমাৰ দৰে সাধাৰণ লোকৰ বাবে সাথঁৰ। ৰিজাৰ্ভ বেংকেও ইতিমধ্যে বেংকসমূহলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশ।

ঋণ ল'ব বিচৰা সকলৰ বাবে হয়তো ব্যৱস্থা কৰা হ'ব পৰ্যাপ্ত ঋণৰ। বিশ্বৰ আন দেশবোৰে জিডিপি ১৫-১৬ শতাংশলৈকে কোৰোনা ভাইৰাছৰ এই সংকটৰ সময়ত উদ্ধাৰ নিমিত্তে পেকেজ ঘোষণা কৰিছে। জাৰ্মানীয়েও এই ক্ষেত্ৰত লৈছে বিশেষ পদক্ষেপ।

অৰ্থশাস্ত্ৰৰ এই জটিল কথাবোৰ আমি সাধাৰণ মানুহে বুজি নাপাওঁ। প্ৰধানমন্ত্ৰীৰ ঘোষণাই আমাক আশাবাদী কৰিছে। ২০ লাখ কোটি টকাৰ পেকেজ কম কথা নহয়। কিন্তু বাস্তৱত এই পেকেজে কাৰ কি উপকাৰ সাধে সেয়া জানিবলৈ আমি অপেক্ষা কৰিব লাগিব।

কল্পনা কৰা বা সপোন দেখাত কাৰো বাধা নাই। প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছত আপুনি আন এটা কথা লক্ষ্য কৰিছেনে? যদি ১৩০ কোটি মানুহৰ মাজত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি ভগাই দিয়া হয় তেনেহ'লে কিমান টকাকৈ পৰিব গাই প্ৰতি?

সেই অংক আপুনি যদি কৰিছে তেনেহ'লে দেখিব। ১৩০ ভাৰতৰ জনসংখ্যা বুলি ধৰিলে এজন লোকৰ বিপৰীতে ই হ'বগৈ ১৫৩৮৪.৬১ টকা। অৰ্থাৎ এজন ভাৰতীয়ই লাভ কৰিব এই পেকেজৰ পৰা ১৫ হাজাৰ টকাকৈ। এয়া অৱশ্যে ১৫ লাখ বুলি ভুল নকৰিব, ১৫ হাজাৰহে।

অৱশ্যে সেই ধন এনেদৰে গাই প্ৰতি ভগাই দিয়া নহয়, তথাপিও এখন বাস্তৱ ছবি আৰু এই বৃহৎ পৰিমানৰ ধনৰ পেকেজৰ প্ৰভাৱ ভাৰতীয় এজনৰ গাই প্ৰতি কিমানকৈ পৰিব তাৰ এটা হিচাপহে এয়া। লোকপিয়ল নহ'লেও ভাৰতত ২০২০ৰ জনসংখ্যা হৈছেগৈ ১৩৮ কোটি।

যদি ১৩৮ কোটি ভাৰতীয়ৰ মাজত এই ধন ভগাই দিয়া হয় তেনেহ'লে প্ৰতিজন ভাৰতীয়ৰ বিপৰীতে এই পেকেজৰ পৰা লাভ কৰা ধনৰ পৰিমান হ'বগৈ ১৪৪৯২.৭৫টকা। অংকত সেইবোৰ ভাল লগা কথা। কিন্তু বাস্তৱত ভাবকচোন ১৫হাজাৰ টকাৰে এই সংকটৰ মুহূৰ্তত ভাৰতবাসীৰ বাবে কি কি হ'ব পাৰে?

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা মতে, আত্মনিৰ্ভৰশীল অভিযানৰ অংশ হিচাপে বুধবাৰে এই পেকেজৰ সবিশেষ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিব। কোৰোনা ভাইৰাছৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰীয়ে আশা দি গ'ল। আৰু আপুনিও যদি এই হিচাপৰ অংক কৰে তেনেহ'লে ওলাব সেইবোৰ উত্তৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in