প্ৰধানমন্ত্ৰী মাত্ৰো বন্ধনা যোজনাঃ দেশৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তক কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান কৰিলে বঁটা…

প্ৰধানমন্ত্ৰী মাত্ৰো বন্ধনা যোজনাঃ দেশৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তক কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান কৰিলে বঁটা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ প্ৰধানমন্ত্ৰী মাত্ৰো (matru) বন্ধনা যোজনা চমুকৈ pmmvy আঁচনিৰ অধীনত গৰ্ভৱতী মহিলা হিতাধিকাৰীয়ে আঁচনিৰ ধন সঠিকভাবে লাভ কৰাত সমগ্ৰ দেশৰ ভিতৰত দক্ষিণ শালমাৰা মানকাচৰ জিলা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাত সোমবাৰে দিল্লীৰ এখন অনুষ্ঠানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্ত আতিকা ছুলতানাক কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰানীয়ে ৰাষ্ট্ৰীয় বটাৰে পুৰস্কৃত কৰি জিলা খনক সন্মান প্ৰদান কৰে।

উল্লেখযোগ্য যে মহিলা আৰু শিশু কল্যাণ বিভাগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গৰ্ভৱৰ্তী মহিলা সকলক তিনিটা কিস্তিত মুঠ ৫ হেজাৰকৈ টকা প্ৰদান কৰে। আনহাতে হাস্পতালত সন্তান জন্ম দিলে ৬ হেজাৰকৈ টকা দিয়া হয়। এই আঁচনিৰ বাবে নতুনকৈ গঠন হোৱা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত মুঠ ৩২৩২৫ গৰাকী হিতাধিকাৰীয়ে নাম পঞ্জীয়ন কৰিছিল ।

ইয়াৰে ২৪ জানুৱাৰী ২০২০ তাৰিখলৈ মুঠ ২৯২০১ গৰাকী হিতাধিকাৰীয়ে ইতিমধ্যে আঁচনিৰ ধন লাভ কৰিছে। একেদৰে ২৯০২ গৰাকী হিতাধিকাৰীক কিছুদিনৰ ভিতৰত আঁচনিৰ অধীনত ধন দিয়া হব বুলি জিলা উপায়ুক্ত আতিকা চুলতানাই জানিবলৈ দিয়ে।

দেশত মুঠ ৭০২ টা জিলাৰ ভিতৰত অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা তৃতীয় স্থান লাভ কৰাত জিলা প্ৰশাসনৰ লগতে জিলাবাসী উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। সোমবাৰে দুপৰীয়াৰ ভাগত দিল্লীৰ অশোক হোটেলত কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে এক অনুষ্ঠানৰ জৰিয়তে দক্ষিণ শালমাৰাৰ জিলা উপায়ুক্ত আতিকা ছুলতানাক বটা প্ৰদান কৰি নতুন জিলা খনক সন্মাল প্ৰদান কৰে।

এই বঁটা লাভ কৰাৰ পাছত জিলা উপায়ুক্ত আতিকা চুলতানাই সন্তষ্টি প্ৰকাশ কৰি কয় যে অসমৰ ভিতৰত অন্যতম পিছপৰা জিলাখনৰ বাবে জিলা প্ৰশাসনে উন্নয়নৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। চৰকাৰীভাৱে জিলা খনক আগুৱাই নিয়াৰ বাবে তেওৰ চেষ্টা অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in