অসমৰ কিশোৰ তনুজ সমাদ্দাৰলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ দেশৰ ৩২ জন শিশু কিশোৰৰ লগতে ২০২১ বৰ্ষত অসমৰ কিশোৰ তনুজ সমাদ্দাৰলৈ আগবঢ়োৱা হৈছে প্ৰধানমন্ত্ৰী শিশু পুৰস্কাৰ। কলা আৰু সংস্কৃতি, উদ্ভাৱনী, ক্ৰীড়া, সাহসিকতা আৰু সমাজসেৱাৰ দৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰদান কৰা হয় এই বঁটা।

অসমৰ কামৰুপ জিলাৰ তমুজ সমাদ্দাৰে কলা আৰু সংস্কৃতি শিতানত লাভ কৰিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটা। ৰঙিয়াৰ নিৱাসী জ্যেষ্ঠ সাংবাদিক তাপস সমাদ্দাৰ আৰু শৰ্বৰী সমাদ্দাৰৰ পুত্ৰ তনুজে দশম শ্ৰেণীৰ ছাত্ৰ। তেওঁ ৰাজ্য ৰ লগতে দেশ তথা বিদেশৰ বহু ছবি প্ৰতিযোগিতাত শ্ৰেষ্ঠত অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে চলিত বৰ্ষত ৭ গৰাকী শিশুলৈ কলা আৰু সংস্কৃতি শিতানত, ৯ গৰাকীক উদ্ভাৱনী পাৰদৰ্শিতা আৰু , ৭ গৰাকীক ক্ৰীড়া আৰু ৫ গৰাকী শিশুৰ শিক্ষাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in