চৰকাৰ বিৰোধী প্ৰতিবাদত অসহায়! পদত্যাগ কৰিলে প্ৰধানমন্ত্ৰীয়ে…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ইৰাকৰ প্ৰধানমন্ত্ৰী আদেল আব্দুল মাহদীৰ পদত্যাগ। চৰকাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীৰ পদত্যাগক লৈ দেশখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দেওবাৰে ইৰাকৰ সংসদত ভোটৰ জৰিয়তে তেওঁৰ পদত্যাগপত্ৰ গ্ৰহণ কৰা হ'বনে নহয় সেই সম্পৰ্কত লোৱা হ'ব সিদ্ধান্ত।

ইৰাকৰ এগৰাকী জনপ্ৰিয় ছিয়া নেতাই চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰিছিল। তেওঁ চৰকাৰী বিৰোধী প্ৰতিবাদৰ বাবেই পদত্যাগ কৰিব বুলিও জনাইছিল।

উল্লেখ্য যে, বিগত কিছুদিনত ইৰাকত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হৈছে। অক্টোবৰ মাহৰ পৰা এতিয়ালৈকে বিভিন্ন কাৰণত ৪০০ৰো অধিক লোক নিহত হৈছে। বাঘদাদৰ লগতে দেশখনৰ পশ্চিমাঞ্চলত ৰাজপথত অৱস্থান কৰিছে হাজাৰ হাজাৰ লোকে। দুৰ্নীতি, চৰকাৰী সা-সুবিধাৰ অভাৱ, সংস্থাপনৰ অভাৱৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in