যুৱক-যুৱতী আৰু কৰ্মৰত লোকক টিকাকৰণ কৰাটো অত্যন্ত জৰুৰীঃ উচ্চতম ন্যায়ালয়ত এখন বিশেষ আবেদন

যুৱক-যুৱতী আৰু কৰ্মৰত লোকক টিকাকৰণ কৰাটো অত্যন্ত জৰুৰীঃ উচ্চতম ন্যায়ালয়ত এখন বিশেষ আবেদন

ডিজিটেল ডেস্কঃ দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। সমগ্ৰ দেশতে ৪৫ বছৰৰ ঊৰ্ধ্বৰ লোকক টিকাকৰণ কৰি থকা হৈছে। শুকুৰবাৰে ১৮ বছৰৰ পৰা আদি কৰি সকলো লোকৰ টিকাকৰণ বিচাৰি উচ্চতম ন্যায়ালয়ত এখন পিআইএল দাখিল কৰা হৈছে। পিআইএলখন দাখিল কৰিছে অধিবক্তা ৰশ্মি সিঙে।

আবেদনখনত কোৱা হৈছে যে, কোৰোনাৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ সকলো যুৱক-যুৱতী আৰু কৰ্মৰত লোকৰ ব্যাপক টিকাকৰণ কৰাৰ প্ৰয়োজন। ভেকচিনৰ দুটা ডোজৰ মাজত ইতিমধ্যে ৬-৮ সপ্তাহ সময় লাগে। এনে পৰিস্থিতিত ভেকচিন ১৮ বছৰকে ধৰি সকলো লোকক প্ৰদান নকৰিলে কোৰোনা দ্ৰুতগতিত সংক্ৰমিত হোৱাৰ আশংকা কৰি অধিবক্তাগৰাকীয়ে আবেদনখন উচ্চতম ন্যায়ালয়ত দাখিল কৰা বুলি সদৰি কৰে।

উল্লেখ্য যে, ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (আইএমএ)কে ধৰি কেইবাজনো বিশেষজ্ঞই কোৰোনা টিকাকৰণ বৃদ্ধিৰ দাবী জনাইছে। বহু বিশেষজ্ঞই পৰামৰ্শ দিছে যে এই ভয়াবহ কোৰোনাকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে দৈনিক কমেও ১০ নিযুত ভেকচিনৰ ডোজ প্ৰয়োগ কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in