গুৱাহাটীত আৰম্ভ প্ৰথমটো প্লাজমা বেংক…

গুৱাহাটীত আৰম্ভ প্ৰথমটো প্লাজমা বেংক…

ডিজিটেল ডেস্কঃ গুৱাহাটীত আৰম্ভ হ'ল প্লাজমা বেংক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই প্লাজমা বেংকতো শুভাৰম্ভ কৰে। জিএমচিএইচত স্থাপন কৰা প্লাজমা বেংকত প্ৰথমবাৰৰ বাবে প্লাজমা দান কৰিলে চিকিৎসক ডাঃ লিথিকেশে।

উল্লেখ্য যে, অসমত প্ৰথমগৰাকী চিকিৎসক কোৰোনা ৰোগী আছিল ডাঃ লিথিকেশ। তেওঁ জিএমচিএইচৰ কনিষ্ট চিকিৎসক। ইফালে এই প্লাজমা বেংকতো শুভাৰম্ভ কৰাৰ পাছতে ইতিমধ্যে কোৰোনাৰ পৰা আৰোগ্য হোৱা লোকসকলক আগুৱাই আহি প্লাজমা দান কৰাৰ বাবে আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in