দৰঙৰ ৰামহৰি দুৰ্গাপূজা উদযাপন সমিতিৰ ব্যতিক্ৰমী কাৰ্য

দৰঙৰ ৰামহৰি দুৰ্গাপূজা উদযাপন সমিতিৰ ব্যতিক্ৰমী কাৰ্য

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ এখন ব্যতিক্ৰমী দুৰ্গাপূজা উদযাপন সমিতি। মঙলদৈ চহৰৰ পৰা সাত কিলোমিটাৰ নিলগৰ এই পূজাখন অনুষ্ঠিত হয় ৰামহৰিত। ১৯৮৫ চনত ভোগীৰাম নাথক সভাপতি আৰু চণ্ডীৰাম ডেকাক সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে শুভাৰম্ভ কৰা এই দুৰ্গাপূজা সম্পূৰ্ণ বৈদিক নিয়ম নীতি পালন কৰা হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনস্থলী ৰামহৰি দুৰ্গাপূজা উদযাপন সমিতিয়ে ২০০৮ চনৰ পৰা দুৰ্গাপূজাৰ লগত সংগতি ৰাখি নিয়মীয়াকৈ কৰি আহিছে গছপুলি ৰোপন।

সচৰাচৰ অধিকাংশই অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে গছপুলি ৰোপন নামত এক ভেকোঁভাওনা কৰি অহাৰ বিপৰীতে এইখন পূজা উদযাপন সমিতিয়ে গছপুলি ৰোপনৰ লগতে ইয়াৰ সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। যাৰ ফলত আজি ১২ বছৰ ধৰি ৰোপন কৰা গছপুলি বোৰ লহপহকৈ বাঢ়ি সৃষ্টি হৈছে বনাঞ্চলৰ।

ৰামহৰি দুৰ্গাপূজা স্থলীৰ পৰা নাতিদূৰৈত মঙলদৈ নদীৰ পাৰত গঢ়ি উঠা এই বনাঞ্চলত শাল, চেগুন, গমাৰী, নীম, জলফাই, কদম আদি গছ গছনিয়ে শোভাবৰ্ধন কৰিছে। বনাঞ্চলখন শ্ৰীবৃদ্ধি কৰাৰ বাবে এইবাৰ দুৰ্গাপূজা উদযাপনৰ ৩৫ বছৰ হোৱা উপলক্ষে ৰোপন কৰা হয় ৩৫ টা গছপুলি। এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি অৱনী বড়াৰ সভাপতিত্বত হোৱা উদ্বোধনী অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস, ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ গুদ্দু প্ৰসাদ বসুমতাৰীয়ে উদ্যোক্তাসকলৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী সম্পাদক বুবুল কিশোৰ বৰুৱাই।ৰামহৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হেমন্ত দাস মুখ্য ৰোপন হিচাপে উপস্থিত থকা এই কাৰ্য্যসূচী ৰূপায়ন কৰে ক্ৰমে- হেমন্ত কুমাৰ বৰুৱা, বিজয় ডেকা, অৱনী বড়া, পবিত্ৰ ডেকা, প্ৰফুল্ল বড়ো, অনিল ডেকা, লিখক ডেকা, মইনুল হক শইকীয়া, ড০ গুদ্দু প্ৰসাদ বসুমতাৰী, প্ৰাণেশ্বৰ বৰা, পবিত্ৰ কুমাৰ ডেকা, ৰমণী ডেকা, নৰেশ্বৰ কোচ, প্ৰফুল্ল নাথ, কণক চন্দন বৰুৱা, ভবেশ বৰুৱা, গোবিন্দ ডেকা, মঞ্জুলা বণিয়া, পবন চন্দ্ৰ চহৰীয়া, চিত্ৰ ডেকা, ৰমণী হাজৰিকা, হীৰেণ চহৰীয়া, মুকুট চন্দ্ৰ নাথ, শুক্লেশ্বৰ বড়ো, পুৰণ চন্দ্ৰ ডেকা, দ্বীপেন ডেকা, জিতেন বৰুৱা, হেমন্ত ডেকা, বিৰিঞ্চি চহৰীয়া, ৰূপেশ্বৰ শৰ্মা,বিপুল নাথ,বাবুল মণ্ডল, গণেশ দত্ত, দিলীপ দাস, কিশোৰ ডেকা, শিৱপ্ৰসাদ চহৰীয়া, বিজয় নাথ আদিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in