চিগাৰেট সেৱনেই কাল হ’ল ৪৫গৰাকী বিমান যাত্ৰীৰ!

চিগাৰেট সেৱনেই কাল হ’ল ৪৫গৰাকী বিমান যাত্ৰীৰ!

ডিজিটেল ডেস্কঃ যোৱা বছৰত নেপালত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৫১গৰাকীকৈ যাত্ৰীয়ে। তদন্তৰ অন্তত ২৭ জানুৱাৰী অৰ্থাৎ দেওবাৰে জমা দিয়া প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনা সংঘটিত হৈছিল পাইলটগৰাকীৰ বাবেই। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, পাইলটগৰাকীয়ে ক'কপিটত চিগাৰেট সেৱন কৰি আছিল আৰু ইয়াৰ বাবেই দুৰ্ঘটনাত পতিত হৈছিল যাত্ৰীবাহী বিমানখন।

উল্লেখ্য যে, যোৱা বছৰত ১২ মাৰ্চত নেপালৰ ৰাজধানী কাঠমাণ্ডুত ত্ৰিভূৱন ইন্টাৰনেশ্যনেল এয়াৰপ'ৰ্টত ইউ এছ-বাংলা এয়াৰলাইন বোমবাৰ্ডিয়ৰ (ইউবিজি-২১১) বিমানখন অৱতৰণৰ পাছতেই পতিত হৈছিল দুৰ্ঘটনাত। এতিয়া বিষয়াসকলে জনোৱা মতে, অনুমতি প্ৰদান নকৰা স্বত্তেও বিমানখনৰ ইনচাৰ্জ পাইলটগৰাকীয়ে ক'কপিটত চিগাৰেট হুপিছিল যাৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

সকলো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানত ধূমপান নিষেধ। তদন্তকাৰী দলটোৱে লাভ কৰা তথ্য অনুসৰি বিমানখনৰ পাইলটগৰাকীৰ চিগাৰেট হুপাটো অভ্যাস আছিল। চি বি আৰ অৰ্থাৎ ক'কপিট ভইচ ৰেকৰ্ডাৰ পৰা লাভ কৰা তথ্যৰ অনুসৰি চিগাৰেটেই আছিল এই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ মূল কাৰণ। ইফালে, এই দুৰ্ঘটনাত বিমানখনত থকা ৬৭গৰাকী যাত্ৰীৰ ভিতৰত প্ৰাণ হেৰুৱাইছিল ৫১ গৰাকী যাত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in