শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

উত্তৰ পূবৰ পৰা উভতাই নিব সেনাঃ স্থল সেনাপ্ৰধান

14,105

ডিজিটেল ডেস্কঃ এন ডি এফবিৰ সৈতে শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত মোতায়েন কৰা হোৱা সেনা জোৱানক উভতাই নিয়াৰ যো জা চলাইছে ভাৰতীয় সেনা বাহিনীয়ে। স্থল সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰৱানেয়ে বুধবাৰে এই সন্দৰ্ভত জানিবলৈ দি কয় যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা ভাৰতীয় সেনাৰ দুটা বেটেলেয়ানক উভতাই নিয়া হৈছে। আনহাতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতে ভাৰতীয় সেনাৰ আন বেটেলিয়ানকো উভতাই নিয়া হ’ব বুলি জনায় সেনাপ্ৰধানগৰাকীয়ে।

সেনাপ্ৰধানগৰাকীয়ে লগতে কয় যে আগন্তুক ২-২.৫ বছৰত ভাৰতীয় সেনাই বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ বিপৰীতে গতানুগতিক অভিযানৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তিৰ পিছত পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হোৱা বুলিও মন্তব্য কৰে জেনেৰেল মনোজ মুকুন্দ নৰৱানেয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি