নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব, হুংকাৰ আউনীআটীয় সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব, হুংকাৰ আউনীআটীয় সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ

ডিজিটেল সংবাদ, কামপুৰঃ 'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব৷' -এই মন্তব্য মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামীৰ৷ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সত্ৰাধিকাৰগৰাকীয়ে বিজেপি চৰকাৰকো তীক্ষ্ণ সমালোচনা কৰে৷

নগাঁৱৰ বৰক'লাত ৰাষ্ট্ৰীয় তাম্ৰপত্ৰ প্ৰাপক মুক্তিযুদ্ধা উত্তম চন্দ্ৰ ডেকাৰ আৱক্ষ মূৰ্ত্তি উন্মোচনী সভাত উপস্থিত থাকি এই মন্তব্য কৰে সত্ৰাধিকাৰ গৰাকীয়ে৷ চৰকাৰে যি নীতিয়ে অৱলম্বন নকৰক কিয়, জাতি ৰক্ষাৰ স্বাৰ্থত ৰাইজ একত্ৰিত হৈ নিজৰ স্থিতিত অটল থাকিবলৈ সকলোকে তেও আহ্বান জনায়৷ উক্ত মূৰ্ত্তি উন্মোচনী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত আৰু সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত থাকে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in