মাজত আছিল মাত্ৰ ১০দিনঃ কেৰালাৰ দুৰ্ঘটনাত সন্তানৰ মুখ নেদেখাকৈয়ে গুচি হ’ল পাইলট অভিলেশ…

10,558

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কেৰালাৰ কোঝিকোড বিমান বন্দৰত হোৱা শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় ১৯গৰাকীকৈ লোক। ১৭০গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় দুয়োগৰাকী পাইলটে। মুখ্য পাইলটৰ আসনত থকা ৫৯ বছৰীয়া কেপ্টেইন দীপক বসন্ত ছাথেৰ সৈতে সহ-পাইলটৰ আসনত আছিল ৩৩ বছৰীয়া সহপাইলট অখিলেশ কুমাৰ।

দুয়োগৰাকী পাইলটৰ ঘৰতেই এতিয়া শোকাকূল পৰিৱেশ। বিশেষকৈ পাইলট অখিলেশ কুমাৰৰ ঘৰলৈ যোৱা সকলো লোকেৰেই দচকুত চকুলো লৈ উভটিব লগা অৱস্থাৰ সৃষ্টি হৈছে। কিয়নো মথুৰা নিবাসী অখিলেশৰ পত্নী মেঘা এতিয়া সন্তানসম্ভৱা। আৰু মাত্ৰ ১০দিনৰ পিছত সন্তান প্ৰসৱ কৰাৰ দিন আছিল পত্নী মেঘাৰ।

ঘৰৰ আটাইতকৈ ডাঙৰ লৰাটো আছিল অভিলেশ। এফালে ডাঙৰ পুত্ৰক হেৰুৱাই পিতৃ-মাতৃ শোকত ভাগি পৰাৰ লগতে পত্নীৰ স্বাস্থ্যও কিছু অৱনতি ঘটিছে। উল্লেখ্য যে, অখিলেশ কুমাৰ কোৰোনা মহামাৰীৰ সময়ত বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক আনিবলৈ বন্দে ভাৰত মিছনত কৰ্মৰত আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি