ওদালগুৰিৰ ভৈৰৱকুণ্ডত বনভোজৰ লগতে সোৱাদ লওক মিঠা কমলা-ষ্ট্ৰ’ৱেৰীৰ

ওদালগুৰিৰ ভৈৰৱকুণ্ডত বনভোজৰ লগতে সোৱাদ লওক মিঠা কমলা-ষ্ট্ৰ’ৱেৰীৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ২০১৮ বৰ্ষটোৱে বিদায় ল'বলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যত চলিছে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি। এই সময়চোৱাত আনন্দ উচাহৰ মাজেৰে লগে ভাগে এসাজ খাই পুৰণিক বিদায় দিয়াৰ প্ৰস্তুতি তুংগত। ৰাজ্যত এতিয়া বনভোজৰ বতৰ। বিভিন্ন বনভোজস্থলীসমূহত দেখা গৈছে বনভোজপ্ৰেমীৰে লোকে লোকাৰণ্য পৰিৱেশ।

ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ড বনভোজস্থলীও। ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ২২ কিল'মিটাৰ উত্তৰে অৱস্থিত অসম-অৰুণাচল প্ৰদেশ-ভূটানৰ ত্ৰিবেনী সংগমস্থলী ভৈৰৱকুণ্ডত বৈছে বনভোজপ্ৰেমীৰ সোঁত। ভূটানৰ পৰা বৈ অহা নৈৰ পানীয়ে সৃষ্টি কৰা কুলু-কুলু শব্দই বনভোজস্থলীৰ শোভা সোণত সুৱগা চৰাইছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ বনভোজপ্ৰেমীৰ দলে বনভোজস্থলীৰ নতুন আশাৰ সঞ্চাৰ কৰিছে। ভৈৰৱকুণ্ড বনভোজস্থলীলৈ অহা প্ৰতিগৰাকী বনভোজপ্ৰেমীয়ে অতি সহজে ভূটান ৰাষ্ট্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে ভূটানত বসৱাস কৰা লোকসকলৰ জীৱন নিৰ্বাহৰ প্ৰণালী সম্পৰ্কে সহজেই জানিব পাৰিব। কেৱল ইমানেই নহয়, ভূটান ৰাষ্ট্ৰত থকা ওলোমা দলঙৰ নতুন অভিজ্ঞতা লাভ কৰাৰ সুবিধাও পাব বনভোজৰ বাবে অহা লোকসকলে।

ইফালে বনভোজৰ বতৰত বনভোজস্থলীত গঢ়ি উঠা ভূটানৰ মিঠা কমলাৰ সোৱাদে প্ৰতিগৰাকী বনভোজপ্ৰেমীক হাত বাউলি মতাৰ লগতে চাহিদাও বৃদ্ধি হৈছে। লগতে বনভোজস্থলীত দেখা যায় স্থানীয় বিভিন্ন প্ৰজাতিৰ কুকুৰৰ বজাৰ। বিভিন্ন আকাৰৰ বিভিন্ন মূল্যৰ কুকুৰ বনভোজপ্ৰেমীসকলে উভতাৰ পথত ক্ৰয় কৰি নিয়া পৰিলক্ষিত হয়।

আন এক উল্লেখ্য দিশ এয়ে যে ভৈৰৱকুণ্ড বনভোজস্থলীলৈ যোৱাৰ পথত আছে এখন বিশাল মানৱসৃষ্ট অৰণ্য। ২০০৫ চনতে জে এম এফ চি নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই এই অৰণ্যখন সৃষ্টি কৰিছিল। ২০০৭ চনৰ পৰাই উক্ত অঞ্চলত চলাইছে বন সংৰক্ষণ তথা বৃক্ষৰোপণ কাৰ্যসূচী। যাক মানৱসৃষ্ট অৰণ্যৰূপে সমগ্ৰ দেশখনে জনাজাত হৈ পৰিছে। বৰ্তমান উক্ত অৰণ্যত ৫০ হাজাৰৰো অধিক বিভিন্ন প্ৰজাতিৰ গছ আছে।

আনহাতে বৰ্তমান উক্ত বনভোজস্থলীৰ সমীপৰ বজাৰত দেখা গৈছে থলুৱাভাৱে উৎপাদিত ষ্ট্ৰ'ৱেৰী। স্থানীয় কৃষকৰ হাতেৰে উৎপাদিত এই ষ্ট্ৰ'ৱেৰীৰ চাহিদাও অধিক হোৱা পৰিলক্ষিত হৈছে। নিৰাপত্তাৰ ক্ষেত্ৰতো জিলা আৰক্ষী প্ৰশাসনে বনভোজস্থলীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। বিভিন্ন সময়ত আৰক্ষীয়ে বনভোজস্থলীত পেট্ৰ'লিঙৰ ব্যৱস্থা কৰিছে। ফলত হাই-কাজিয়াৰ পৰিৱৰ্তে বনভোজপ্ৰেমীসকলে সুন্দৰভাৱে যাতে বনভোজৰ আনন্দ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে। এক কথাত কবলৈ গ'লে ভৈৰৱকুণ্ড বনভোজস্থলীত এতিয়া বনভোজপ্ৰেমীৰ লানি নিছিগা সোঁত বোৱা দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in