অগণন গুণমুগ্ধ, আত্মীয়ৰ দুচকু সেমেকাই পঞ্চভূতত বিলীন ফুকন চন্দ্ৰ চৌধুৰী…

অগণন গুণমুগ্ধ, আত্মীয়ৰ দুচকু সেমেকাই পঞ্চভূতত বিলীন ফুকন চন্দ্ৰ চৌধুৰী…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙলবাৰে পুৱাই আহিল সেই বেয়া খবৰটো। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট সমাজকৰ্মী ফুকন চন্দ্ৰ চৌধুৰীয়ে ত্যাগ কৰিলে শেষ নিশ্বাস । জু ৰোডৰ সুগম পথৰ নিৱাসী চৌধুৰীৰ দেহাৱসান ঘটাৰ বাতৰি পোৱাৰ লগে লগে শোকত ভাগি পৰে আত্মীয়ৰ লগতে অগণন গুণমুগ্ধ।


জীৱিত কালত নীলাচল পাহাৰৰ ৱাৰ্টছ টাৱাৰত পত্নীৰ সৈতে প্ৰয়াত ফুকন চন্দ্ৰ চৌধুৰী

সমাজৰ বিভিন্ন কাম-কাজৰ লগত অতি ওত:পোতভাৱে জড়িত আছিল চৌধুৰী। চাকৰিৰ ব্যস্ততাৰ মাজতে সমাজখনৰ হিতৰ বাবে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰি গৈছিল চৌধুৰীয়ে। হস্ততাত বস্ত্ৰশিল্পৰ এগৰাকী আমোলা হিচাপে কাৰ্যনিবাহ কৰা ফুকন চন্দ্ৰ চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৯ বছৰ।

চৌধুৰীৰ বাসগৃহত গুণমুগ্ধৰ ভিৰ..

উচ্চ ৰক্তচাপ ষ্ট্ৰকত আক্ৰান্ত চৌধুৰীক ২ সপ্তাহৰ পূৰ্বে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল।
মগজুত হোৱা ৰক্তক্ষৰণ অস্ত্ৰোপচাৰৰ দ্বাৰা বাহিৰ কৰাৰ পাছত তেওৰ স্বাহ্য সামান্য পৰিমাণে উন্নতি হয় যদিও পৰৰ্ৱতী সময়ত মধুমেহ ৰোগতো আক্ৰান্ত হৈ চৌধুৰীৰ স্বাহ্য অধিক অৱনতি ঘটে।

অন্তিম শয়নত চৌধুৰী

মঙলবাৰে পুৱা ৯ বাজি ৪৫ মিনিটত ফুকন চন্দ্ৰ চৌধুৰীৰ দেহাৱসানৰ বাতৰি বিয়পি পৰাৰ লগে লগে চিকিৎসালয়ৰ চৌহদত ভিৰ কৰে অগণন গুণমুগ্ধই। চিকিৎসালয়ৰ পৰা পোনে পোনে বেলতলালৈ নিয়া হয় চৌধুৰীৰ নশ্বৰদেহ। বেলতলা ব্যৱসায়ী সন্থাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাপ পাছত তেওক সুগম পথৰ নিজা বাসভৱনলৈ অনা হয়।

শোকত ভাগি পৰিছে আত্মীয়-গুণমুগ্ধ…

সুগম পথৰ নিজা বাসভৱনত চৌধুৰীৰ নশ্বৰদেহ পোৱাৰ লগে লগে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ওচৰ-চুবুৰীয়া আৰু পৰিয়ালৰ সদস্যই চৌধুৰীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। শোকাকুল পৰিৱেশত পত্নী, পুত্ৰ-জীয়াৰীয়ে আপোন স্বামী-পিতৃক জনায় শেষ শ্ৰদ্ধা। লগতে সুগম পথ উন্নয়ন সমিতি, বিহুতলী সমিতি, জু ৰোড উন্নয়ন সমিতিৰ লগতে লাচিত সংঘইয়ো চৌধুৰীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেও ইহসংসাৰত পত্নী প্ৰণীতা চৌধুৰী, বৰপুত্ৰ সুৰজিৎ চৌধুৰী, সৰুপুত্ৰ অভিযন্তা নৱজিৎ চৌধুৰী আৰু একমাত্ৰ চিকিৎসক কন্যা মনোৰোগ বিশেষজ্ঞ চন্দামিত্ৰা চৌধুৰীৰ লগতে বোৱাৰী জুৰি চৌধুৰীক এটি নাতিৰ সৈতে এৰি থৈ যায়।

শোকাকুল পৰিৱেশ মাজতে বিয়লি ভাগলৈ নৱগ্ৰহ শশ্মানত চৌধুৰীৰ শেষকৃত্য সম্পন্ন কৰা হয়। সকলোৰে দুচকু সেমেকাই পঞ্চভূতত বিলীন হ'ল সৰবৰহী ফুকন চন্দ্ৰ চৌধুৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in