শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰ্টিষ্ট গীল্ডত ফটোগ্ৰাফী ক্লাৱ অৱ আসামৰ ‘পোহৰ’ শীৰ্ষক ৭সংখ্যক আলোকচিত্ৰ প্ৰদৰ্শনী

166

ডিজিটেল ডেস্কঃ ফটোগ্ৰাফী ক্লাৱ অৱ আসামৰ সপ্তম সংখ্যক ‘পোহৰ’ শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনী আৰম্ভ হৈছে শনিবাৰৰ পৰা। এই প্ৰদৰ্শনী শুভাৰম্ভ কৰে বিশিষ্টা লেখিকা তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে। মহানগৰীৰ চানমাৰিস্থিত আৰ্টিষ্ট গীল্ডত ২৫ আগষ্টৰ লৈকে আগ্ৰহী লোকে ‘পোহৰ’ শীৰ্ষক এই আলোকচিত্ৰ প্ৰদৰ্শনী দৰ্শন কৰিব পাৰিব।

এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৩শতাধিক ফটোগ্ৰাফাৰে প্ৰেৰণ কৰা ৬৫০ খন আলোকচিত্ৰৰ পৰা প্ৰদৰ্শনীৰ বাবে ৯০ খন আলোকচিত্ৰ নিৰ্বাচন কৰা হৈছে। ২০১২ চনৰ ৮ এপ্ৰিলত ডিব্ৰুগড়ত জন্মলাভ কৰা ফটোগ্ৰাফী ক্লাৱ অৱ আসামে প্ৰতিবছৰে এই আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰো এই প্ৰদৰ্শনীত যথেষ্ট সংখ্যক লোকৰ সমাগম হ’ব বুলি আশা কৰিছে উদ্যোক্তা সকলে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি