বিশিষ্ট মুক্তিযোদ্ধা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক, সাহিত্যিক ফনীন্দ্ৰ নাথ কলিতা আৰু নাই…

বিশিষ্ট মুক্তিযোদ্ধা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক,  সাহিত্যিক ফনীন্দ্ৰ নাথ কলিতা আৰু নাই…

ডিজিটেল ডেস্কঃ নলবাৰীৰ বিশিষ্ট মুক্তিযোদ্ধা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক, সাহিত্যিক ফনীন্দ্ৰ নাথ কলিতাৰ সোমবাৰে পুৱা ৰাজগড়স্থিত কন্যাৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। ষ্ট্ৰ'কত আক্ৰান্ত প্ৰয়াত কলিতাক দিছপুৰ পলিক্লিনিকত কিছুদিন চিকিৎসা কৰোৱা হৈছিল।

যোৱা কেইদিনমানৰ পূৰ্বে প্ৰয়াত সাংবাদিক শ্বহীদ অনিল মজুমদাৰ তথা জী-জোৱাঁইৰ বাসভৱনলৈ অনা হৈছিল তেওঁক। সোমবাৰে পুৱা ৬.৪৫ বজাত তাতে তেখেতৰ মৃত্যু হোৱাৰ পিচত নশ্বৰ দেহ আত্মীয় আৰু গুনমুগ্ধই তেওৰ আপোন নলবাৰীৰ অৰৰা গাঁৱলৈ লৈ যোৱা হৈছে।

তাতে প্ৰশাসনৰ সহযোগত অন্তিম সৎকাৰ কৰা হ' ব বিশিষ্ট মুক্তিযোদ্ধা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষকগৰাকীক ।মৃত্যুৰ সময়ত কলিতাই এজন পুত্ৰ- বোৱাৰী ৫ কন্যা আৰু কেইবাজনো নাতি-নাতিনী জোঁৱাই আৰু আত্মীয়ক এৰি থৈ গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in