ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত ৩ মে' তাৰিখে ফণি নামৰ সাগৰীয় কাল ধুমুহাই উৰিষ্যাৰ বিভিন্ন প্ৰান্তত চলাইছিল ধ্বংসলীলা। ক্ষতিগ্ৰস্থ হৈছিল ৰাজ্যখনৰ হাজাৰ হাজাৰ লোক। ইয়াৰ মাজতে এই বতাহে উৰিষ্যাৰ পুৰীস্থিত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক প্ৰকল্পটোও তচনচ কৰি পেলাইছিল।

অসম-উৰিষ্যা চৰকাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণ হোৱা এই প্ৰকল্পটোৰ নামঘৰ, পুথিভৰাল আৰু অতিথিশালাৰ লগতে ক্ষতিগ্ৰস্থ হৈছিল প্ৰকল্পটোৰ চৌপাশে থকা পকী দেৱাল। কাল ধুমুহাজাকৰ ফলত ১৯৫৮ চনত অসমৰ বিভিন্নগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অনুষ্ঠানটো বিধস্ত হৈ পৰে। ফলত প্ৰকল্পটোৰ পৰিচালনা সমিতিয়ে স্থানীয় ৰাইজ আৰু উভয় ৰাজ্যৰ চৰকাৰ দুখনক এই প্ৰতিষ্ঠানটো পুনৰোজ্জিৱিত কৰাৰ বাবে আহ্বান জনায়।

এই সন্দৰ্ভত প্ৰকল্পটোৰ ভাৰপ্ৰাপ্ত সভাপতি নৰেশ্বৰ ডেকাৰ নেতৃত্বত এটি ৪ জনীয়া সজাতি দলে বিগত ১১ জুলাইত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিষয়টো সন্দৰ্ভত সাক্ষাৎ কৰে। মূখ্যমন্ত্ৰীগৰাকীয়ে দলটোৰ প্ৰতি সহাৰি জনাই এই ক্ষেত্ৰত সহায়ৰ আশ্বাস প্ৰদান কৰে।

এই সাক্ষাৎকাৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসো উপস্থিত থাকি বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে। এইক্ষেত্ৰত সজাতি দলটোৱে মূ্খ্যমন্ত্ৰীগৰাকীৰ লগতে ৰঞ্জিৎ দাসক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিষয়টো গুৰুত্ব সহকাৰে লৈ অনুষ্ঠানটো পুনৰুদ্ধাৰ কৰাৰ বাবে আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in