ভাল খবৰ! প্ৰধানমন্ত্ৰীৰ ঘোষণাঃ সপ্তাহত ৩ দিন ছুটী, ৪দিন কৰ্মচাৰীয়ে কৰিব লাগিব ৬ ঘণ্টাকৈ কাম…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ সপ্তাহত মাত্ৰ ৪দিনহে কাম কৰিব লাগিব। তাকো ৮ বা ১০ ঘন্টা নহয়। মাত্ৰ ৬ ঘন্টাকৈ কাম কৰিলেই হ'ল। আৰু প্ৰতি সপ্তাহে কৰ্মচাৰীয়ে লাভ কৰিব তিনি দিনকৈ ছুটী। খোদ প্ৰধানমন্ত্ৰীয়ে এই নীতিৰ কথা ঘোষণা কৰিলে।

ইয়াৰ উদ্দেশ্য হ'ল- চৰকাৰী বা বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলে কামৰ লগতে পৰিয়ালকো যাতে অধিক সময় দিব পাৰে। ইয়াৰোপৰি যিখিনি সময় কাম কৰে সেই কমৰ মান, কৰ্মসংস্কৃতি গুণগত কৰিবলৈ চৰকাৰে লৈছে এই সিদ্ধান্ত।

তেনে এখন আইনো গৃহীত কৰাৰ পাছত কৰ্মচাৰীসকলৰ মাজত আনন্দ আৰু উৎসাহে বিৰাজ কৰিছে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে, এই নতুন নীতিৰ মতে কম কাম কৰাৰ বাবে কৰ্মচাৰীক অনুমতি দিয়া হোৱা নাই। এয়া এই কাৰণেই কৰা হৈছে যে কৰ্মচাৰীসকলৰ লগতে যিখিনি সময় কাম কৰে, সেই সময়খিনি যাতে সঠিকভাৱে গুণগত ৰূপত আৰু উৎপাদিত দৃষ্টিভংগীৰে গ্ৰহণ কৰিব পাৰে।

ভাৰতবাসীয়ে অৱশ্যে এই খবৰক লৈ আনন্দ কৰাৰ থল নাই। তেনে নীতি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা নাই। সেই নীতি গ্ৰহণ কৰিছে ফিনলেণ্ডত। ফিনলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী চানা মৰীণেহে দেশবাসীক এই সুখবৰ দিছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ফিনলেণ্ডত এজন লোকে চৰকাৰী বা বেচৰকাৰী কামত নিয়োজিত হৈ থাকিলে প্ৰতি সপ্তাহত ৫দিনকৈ প্ৰতিদিনে ৮ ঘণ্টা কাম কৰিব লাগিছিল। উল্লেখযোগ্য যে, ২০১৫চনতে ফিনলেণ্ডৰ কৰ্মচাৰীসকলৰ কামৰ সময় ৬ ঘণ্টালৈকে হ্ৰাস কৰাৰ বাবে দাবী উত্থাপন হৈছিল। ইয়াৰ পূৰ্বে মাইক্ৰছ'ফ্টে জাপান আৰু ইংলেণ্ডৰ কাৰ্যালয়ত তেনে এক নীতি প্ৰয়োগ কৰিছিল। য'ত কৰ্মচাৰীসকলক সপ্তাহত তিনিদিন ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছিল। যাৰ ফলত কোম্পানীটোৱে যথেষ্ট সফলতা লাভ কৰা বুলি সদৰী কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in