ভয়ংকৰ ঘটনা! জনসভাৰ সমীপত দুটাকৈ বোমা বিস্ফোৰণ, নিহত ১৯, আহত ৪৮

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেওবাৰে দক্ষিণ ফিলিপিন্সত সংঘটিত হয় দুটাকৈ বোমা বিস্ফোৰণ। দক্ষিণ ফিলিপিন্সৰ ৰোমান কেথ'লিক কেথেড্ৰেলৰ বাহিৰত সংঘটিত এই বিস্ফোৰণত নিহত হয় ১৯জনকৈ লোক আৰু গুৰুতৰভাৱে আহত হয় ৪৮জন।

এগৰাকী আৰক্ষী উচ্চপদস্থ বিষয়াই জনোৱা মতে, মুঠ ১৯জনকৈ লোকৰ মৃত্যু হয় এই বিস্ফোৰণত। প্ৰথমটো বোমা বিস্ফোৰণ দেওবাৰে কেথেড্ৰেলৰ জ'ল' দ্বীপত অনুষ্ঠিত এক জনসভাৰ সমীপত অথবা ভিতৰত হয়। আনহাতে, দ্বিতীয়টো বিস্ফোৰণ উক্ত সভাস্থলীৰ বাহিৰত সংঘটিত হয়।

জানিব পৰা মতে, নিহত সকলৰ ভিতৰত আছে ৫জন সেনা জোৱান আৰু ৩জন সাধাৰণ লোক। কিন্তু বৰ্তমানলৈ কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ কথা স্বীকাৰ কৰা নাই।

উল্লেখ্য যে, জ'ল' দ্বীপত বহু বছৰ ধৰি উপস্থিত আছে আবু ছয়াফ সন্ত্ৰাসবাদী। বোমা বিস্ফোৰণ আৰু সংঘৰ্ষ, গুলীয়াগুলিৰ দৰে বহু হিংসাত্মক ঘটনাৰে জড়িত থকাৰ বাবে আমেৰিকা আৰু ফিলিপিন্স চৰকাৰে সন্ত্ৰাসবাদী সংগঠনটোক ব্লেকলিষ্টেড কৰি দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in