মঞ্চত ৫ মহিলাক চু্ম্বন, ক’লে- সুন্দৰী যুৱতী দেখিলে মোৰ…

মঞ্চত ৫ মহিলাক চু্ম্বন, ক’লে- সুন্দৰী যুৱতী দেখিলে মোৰ…

ডিজিটেল ডেস্কঃ চুমাৰ এক অনন্য অনুভূতি আছে। চুমাত থাকে অজস্ৰ আবেগ। এটা চুম্বনেই প্ৰকাশ কৰিব পাৰে বহু অব্যক্ত কথা। সেয়ে চুমাবোৰক ভালপোৱাৰ অনুৰাগ বুলি কোৱা হয়। চুমাই সকলোকে স্পৰ্শ কৰিব পাৰে। মাতৃয়ে পুত্ৰ বা কন্যাক, প্ৰেমিকে প্ৰেয়সীক, বুঢ়া মানুহজনে তেওঁৰ নাতিনীয়েকক যাচিব পাৰে মৰমৰ চুমা।

ভাৰতৰ দৰে দেশত মুক্ত চুম্বনক বহুতে যৌনতাৰ অভিব্যক্তি বুলিও অভিহিত কৰে। ভাৰতীয় সংস্কৃতি তথা পৰম্পৰাত অস্বাভাৱিক এনে ঘটনা ৰোধ কৰাৰ বাবে আইনগত ব্যৱস্থাৰ উপৰি গণ সজাগতামূলক পদক্ষেপো গ্ৰহণ কৰা হয়। কিন্তু এগৰাকী আইতাই নাতিক কৰা চুম্বন বা পিতৃ-মাতৃয়ে সন্তানক দিয়া চুমা আশীৰ্বাদ ৰূপেই ভাৰতত আজিও গৃহীত। বহু দেশত আকৌ এনে চুমাক বয়সৰ ব্যৱধানৰ লগত ৰিজাই ইয়াৰ শ্ৰেণী বিভাজন কৰা নহয়। তেওঁলোকৰ বাবে চুম্বন হ'ল অভিবাদন। পশ্চিমীয়া দেশত আকৌ যুৱক-যুৱতীৰ চুম্বন প্ৰেম জনিতও হ'ব পাৰে, ৰোমাঞ্চ জনিতও হ'ব পাৰে, অভিবাদনো হ'ব পাৰে। বহু সময়ত আমাৰ দেশত বিশেষকৈ মায়ানগৰী মুম্বাইত অথবা বলীউডত চিনেমাৰ দৃশ্যাংশ আকৰ্ষণীয় কৰিবলৈ বহু সময়ত প্ৰয়োজনহীন ভাৱেও চুমাৰ সংযোজন ঘটোৱা হয়। অৱশ্যে দাক্ষিণাত্যৰ ছবিত ইয়াৰ পয়োভৰ কম। তথাপি চুমাক কেন্দ্ৰ কৰি সময়ে সময়ে সৃষ্টি হয় বহু বিতৰ্কৰ। কেতিয়াবা একোজন জনপ্ৰিয় প্ৰখ্যাত ব্যক্তি এটা চুমাক কেন্দ্ৰ কৰি একেদিনাই খলনায়কত পৰিণত হয়। শেহতীয়াকৈ এনে এক পৰিস্থিতিৰ মুখামুখী হৈছে খোদ ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকী।

৭৪ বৰ্ষীয় ৰোডিগ্ৰ' দুতেৰ্তেৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত তেওঁ এখন মঞ্চত ভাষণ প্ৰদান কৰাৰ সময়ত মঞ্চৰ সন্মুখত উপবিষ্ট ৫গৰাকী যুৱতীক মঞ্চলৈ মাতি আনি তেওঁক চুম্বন কৰিবলৈ কয়। দৰাচলতে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এখন মঞ্চত ভাষণ প্ৰদান কৰি আছিল। ভাষণত তেওঁৰ বিষয় আছিল সমকামিতা। তেওঁ এই বিষয়ত ভাষণ প্ৰদান কৰি থকাৰ মাজতে হঠাৎ মঞ্চৰ সন্মুখত বহি থকা এগৰাকী যুৱতীক মাতি আনে আৰু তেওঁক চুম্বন কৰিবলৈ কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে ৫ গৰাকী যুৱতীক চুম্বন কৰি কয়, 'সুন্দৰী যুৱতীসকলক দেখিলে সমকামিতা দূৰ হোৱাত সহায়ক হয়। চুমাই মানুহক নতুন শক্তি দিয়ে। সেয়া প্ৰয়োজনীয়।' উল্লেখ্য যে, ৰাষ্ট্ৰপতিগৰাকীয়ে এনেদৰে যুৱতীক চুম্বন কৰাৰ সময়ত মঞ্চত তেওঁৰ পত্নীও উপস্থিত আছিল।

ইফালে ৰাষ্ট্ৰপতিগৰাকীৰ এনে আচৰণে ৰাষ্ট্ৰখনত বিশেষ চৰ্চা লাভ কৰিছে। বিদেশৰ সংবাদ মাধ্যমতো চৰ্চিত হৈ পৰিছে ৰোডিগ্ৰ' দুতেৰ্তে। পূৰ্বেও এনেদৰে ৰাজহুৱা স্থানত মহিলাক চু্ম্বন কৰা দুতেৰ্তেৰ বাবে চুমা সঞ্জীৱনি হ'লেও বহুতে তেওঁৰ এনে আচৰণক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in