পাঁচখন একাংক নাটকেৰে বোকাখাতত অনুষ্ঠিত “ফেচেংবৰ নাট সমাৰোহ ২০২১”…

পাঁচখন একাংক নাটকেৰে বোকাখাতত অনুষ্ঠিত “ফেচেংবৰ নাট সমাৰোহ ২০২১”…

ডিজিটেল সংবাদ,বোকাখাত : সুস্থ আৰু ৰুচিশীল এক নাট্য পৰম্পৰাত বিশ্বাসী বুলি পৰিচিত বোকাখাতত নাট্য সংগঠণ "নব্য নাট্য কৰ্মী"ৰ উদ্যোগত আৰু "বোকাখাত নাট্য মন্দিৰ"ৰ সহযোগত অনুষ্টিত হৈ যায় একাংক নাট সমাৰোহ "ফেচেংবৰ নাট সমাৰোহ ২০২১"।

শনিবাৰে বোকাখাত নাট্য মন্দিৰত এনিশাৰ কাৰ্যসূচীৰে অনুষ্ঠিত "ফেচেংবৰ নাট সমাৰোহ ২০২১" ত পাঁচখন মননশীল একাংক নাটকেৰে অংশ লয় অসমৰ চাৰিটাকৈ নাট্য দলে।উল্লেখযোগ্য যে "ফেচেংবৰ নাট সমাৰোহ ২০২১" ত অংশলোৱা পাঁচখন একাংক নাটকেই ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ একাংক নাট প্ৰতিযোগিতাৰ বিভিন্ন শিতানত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে।

ফেচেংবৰ নাট সমাৰোহ ২০২১ ত অংশ লোৱা নাট কেইখন আছিল "নিবেদন নাট্য দল,নগাঁও"ৰ নাট্যকাৰ-পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ "এজন ডাক্তৰ আৰু এজাক কুকুৰ" আৰু নিজৰা ৰাজকুমাৰীৰ "বেলিয়ে কোৱা সাধু" , "সাৰথি নাট্য গোষ্ঠী" ,বোকাখাতৰ অমৰ শৰ্মাৰ "দ্য ট্ৰেপেজিয়াম", "গামোচা নাট্য দল",বিশ্বনাথ চাৰিআলিৰ অচ্যুত চুতিয়াৰ "এটা প্ৰশ্নবোধক", "বোকাখাত নাট্য মন্দিৰ",বোকাখাতৰ ৰাতুল ফুকনৰ "যাদুকৰ"।

বোকাখাত, নুমলিগড়, ৰজাবাৰী আৰু মাজুলীৰ ছয় গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে প্ৰয়াত গোলাপ কলিতা, দিপালী বৰা, কামাখ্যা প্ৰসাদ সোনাৰি, পুলিন তামুলী, সুৰেন্দ্ৰ নাথ দাস, হেম দত্তৰ সোঁৱৰণত উৎসৰ্গা কৰা হয় "ফেচেংবৰ নাট সমাৰোহ ২০২১" ।বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লোৱা এটি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ দ্বাৰা শুভ আৰম্ভণী কৰা নাট্য সন্ধ্যাটিৰ আঁট ধৰে গীতিৰেখা দত্তই।

উল্লেখযোগ্য যে, নাট সমাৰোহটিত অংশ লোৱা নাটকেইখনৰ বোকাখাত যোগানন্দ দেৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক ৰুবী বৰাই কৰা এক মনশীল নাট্যালোচনাৰে অন্ত পৰে "ফেচেংবৰ নাট সমাৰোহ ২০২১"।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in